Posts

জৈৱিক সাৰৰ প্ৰস্তুতি আৰু ইয়াৰ উপকাৰিতা

Image
গগন লহকৰ           জৈৱিক সাৰৰ ব্যৱহাৰ  বৰ্তমান সময়ত একেবাৰে কম পৰিমানে হয়। কিন্তু জৈৱিক সাৰ ব্যৱহাৰে মানৱ জীৱনত কিমান উপকাৰ সাধন কৰে আমাৰ ভাবিবলৈ এবাৰো সময় নাই। বৰ্তমান ধান খেতি কৰাৰ সময়, এই সময়তে কিমান কৃষকে নিজৰ শস্যৰ পৰিমাণ বঢ়াবলৈ ৰয়াসিনক সাৰ প্ৰয়োগ কৰিব তাৰ কোনো হিচাপ নাই। গতিকে আমি জৈৱিক সাৰ ব্যৱহাৰৰ উপকাৰিতা সম্পৰ্কে মানুহক সজাগ কৰি ইয়াৰ ব্যৱহাৰ তথা পৰিমাণ বৃদ্ধি কৰিব লাগে। জৈৱিক সাৰ ব্যৱহাৰৰ উপযোগিতা সমূহ যেনে- ১) জৈৱিক সাৰৰ ব্যৱহাৰে মাটিৰ গুণাগুণ নষ্ট নকৰে। ২) জৈৱিক সাৰৰ ব্যৱহাৰে পৰিবেশৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰে। ৩) জৈৱিক সাৰৰ ব্যৱহাৰে মাটিত থকা বিভিন্ন কীট-পতঙ্গৰ কোনো ধৰণৰ অনিষ্ট সাধন নকৰে। ৪) জৈৱিক সাৰে মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে। ৫) জৈৱিক সাৰৰ ব্যৱহাৰ কম খৰচী হয়।           এইবোৰ উপযোগিতা আমাৰ কৃষক সকলক অৱগত কৰোৱা আমাৰ দায়িত্ব। লগতে জৈৱিক সাৰৰ ব্যৱহাৰ আৰু পৰিমাণ বৃদ্ধি কৰাত ভূমিকা লোৱা উচিত।

গীজুভাই বাধেকাৰ “দিবাস্বপ্ন”

Image
  অসমীয়া অনুবাদ: অস্মিতা কলিতা অলংকৰণ: অৰূপ বৈশ্য ( গিজুভাই বাধেকা এগৰাকী প্ৰখ্যাত শিক্ষাবিদ।  তেখেতৰ দ্বাৰা   মূল গুজৰাটী ভাষাত ৰচিত “দিবা স্বপ্ন” গ্ৰন্থখন আমাৰদেশত মণ্টেচৰী শিক্ষা পদ্ধতিৰ প্ৰয়োগৰ এক মনোৰম কাহিনী। এই গ্ৰন্থ খনৰ কিয়দাংশ ছোৱা ছোৱাকৈ  অসমীয়ালৈ অনুবাদ কৰি ইয়াত প্ৰকাশ কৰিবলৈ লোৱা হৈছে। আশাকৰো পঢ়ুৱৈসকলে গ্ৰন্থখনৰ অসমীয়া অনুবাদ পঢ়ি ভাল পাব।) গীজুভাই বাধেকাৰ চমু জীৱনী গীজুভাই বাধেকা গুজৰাটৰ ভাৱনাগৰ নামৰ ঠাই এখনত ডাঙৰ-দীঘল হৈছিল। তেওঁ সাধাৰণতে গীজুভাই নামেৰে পৰিচিত। ১৮৮৫ চনৰ ১৫ নৱেম্বৰ তাৰিখে এইগৰাকী শিক্ষাবিদৰ  জন্ম হৈছিল। মন্তেশ্বৰী শিক্ষা পদ্ধতি ভাৰতত পৰিচিত কৰোৱাৰ ক্ষেত্ৰত তেওঁৰ যথেষ্ট অৰিহণা আছে। সেই সময়ৰ শিক্ষা ব্যৱস্থাৰ তেওঁ বিৰোধ কৰিছিল। শিক্ষা ব্যৱস্থাত বছৰৰ শেষত থকা পৰীক্ষা পদ্ধতি তেওঁ পছন্দ কৰা নাছিল। তেওঁ সেই সময়ৰ শিক্ষা ব্যৱস্থাৰ বিপৰীতে কিছু নতুন পদ্ধতি আৰু ধাৰণা প্ৰয়োগ কৰিব বিচাৰিছিল। তেওঁৰ মতে বিদ্যালয় এনে এখন ঠাই হ’ব লাগে য’ত শিশুসকলে মুক্তমনে আনন্দেৰে শিকিব পাৰে। শিক্ষকক  শিশুৱে ভয় কৰিব নালাগে তথা তেওঁ বন্ধুস্বৰূপ হ’ব লাগে।...

Suspense of Good News

Image
A short story by  Kandarpa Kalita   Illustration by Arup Baishya The office canteen was buzzing with the news   for sometime   that   ‘five days   week’ was on the offing.   In one evening he hesitantly revealed this to his wife.   Without asking for any details, she quipped “OK, will agree when it happens!”. Their teen daughter smiled for no reason. One of his junior colleagues told him that the matter would be considered in the board meeting   next week.   That night his wife was angry for something else. He couldn’t gather the courage to tell her that there is some real progress ! The day before the board meeting he thought of breaking the good news, but finally postponed. The   meeting is on Friday and it would be better to reveal next morning with the   proof   by staying back home. On that day, a positive vibe was visible among all employees. The receptionist looked prettier and was in all smiles. The office as...

Capturing Online process during lockdown

Image
  The ‘Online’ learning, in the recent past was either not known to many or even if someone knew, it wasn’t considered important as a point of discussion at least in the context of learning for school children.  One reason is that rural population still has limited access to this kind of development including many teachers if not all. Secondly, learning has, so far, been seen in association with the syllabus, contents, examination, grade, marks. There, obvious question on online learning were – -           How to conduct examination? -           How to cover the syllabus? -           How to ensure attendance? etc....... While, it is obvious that our team, the way we have undergone educational experiences in our own time, also tends  to think learning within the limit of textbooks, examination, attendance, grading, marks. But gradua...

Health Advisory of COVID by Tata Trusts

Image
                                                                                  

মোৰ গাওঁ

Image
        প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই গোৱালপাৰা জিলাৰ বালাচাৰী-আমগুৰি গাঁওৰ ৰাইজে স্বচ্ছতাৰ ক্ষেত্রত প্ৰধান গুৰুত্ব দিছে। স্বচ্ছতাৰ ক্ষেত্রত প্ৰধান মন্ত্ৰীৰ সপোন বাস্তবায়িত কৰি দেশৰ ভিতৰতে শ্ৰেষ্ঠ স্বচ্ছ গাঁৱৰ   সন্মান কঢ়িয়াই আনিবলৈ গাঁওবাসীয়ে চেষ্টা চলাই আছে। অৱশ্যে জিলা প্ৰশাসনেও এই ক্ষেত্রত যথেষ্ট সহায় কৰি আছে। আলি-পদূলিত আৰি থোৱা আছে ডাষ্টবিন। গাঁওখনৰ পৰিষ্কাৰ- পৰিচ্ছন্নতা আৰু প্ৰাকৃতিক পৰিৱেশে সকলোকে মুগ্ধ কৰিছে। ১০৫ টা পৰিয়ালে বসবাস কৰা প্ৰতিটো ঘৰত আছে   চৰকাৰে প্ৰদান কৰা পকী শৌচালয়। গাঁওৰ মহিলা সকলে সপ্তাহৰ প্ৰতিটো দেওবাৰে চলাই চাফাই অভিযান। একেদৰে পুৰুষ সকলে ও মাহত দুবাৰকৈ চাফাই অভিযান   চলাই গাওঁখন পৰিষ্কাৰ- পৰিচ্ছন্ন কৰে। গাঁওখনৰ প্ৰৱেশ পথৰ দুয়ো কাষে শাৰী- শাৰীকৈ গছ ৰোপন কৰা হৈছে। প্লাষ্টিক মুক্ত কৰাৰ প্ৰয়াসেৰে গাঁওখনত আছে কঠোৰ নিয়ম। জুৱা , মদপান , লটাৰী আদি নিষিদ্ধ কৰি জৰিমনাৰ ব্যবস্থা কৰিছে গাঁওবাসীয়ে।                         ...

Two hours in a Primary classroom - Personal rapport as key to learning

Image
 Kandarpa Kalita Professionally I am not a teacher, but involved in education in different capacities. My father was a teacher of a primary school, my wife and one of my brothers also teaches in government schools. I used to visit my wife’s school on Saturdays and occasionally get chances to have some interactions with the children. Recently I got a chance to have a two-hour session with the children. I always look forward to such occasion and see what can be done to assess them quickly and provide support. The school building is divided into two rooms. The other room housed the class one, four and five. The regular teachers were with them. In this room, children were sitting on desks in two rows according to their class.   That day being a Saturday, the attendance was poor, only six were there, three in each class.     As I entered the classroom, the children greeted me as usually they do to their teacher, but their eyes could not hide the overwhelming confusion...

"যন্ত্ৰণা" written by Firoja Khatun

Image
            যন্ত্ৰণা     যেতিয়াই মনত পৰে                   তোমাৰ কথালৈ, বাৰিষাৰ বান নামি আহে                    মোৰ চকুলৈ। নাজানো কিয় মোৰ                     এনেকুৱা লাগে, হিয়াৰ মাজত জুই যেন                     উমি উমি জ্বলে। জীয়াই থকাৰ মন্ত্ৰই                হৈছে এতিয়া যন্ত্ৰণা, তথাপি হিয়াই বিচাৰে         সদায় তোমাৰেই প্ৰেৰণা।                                                                                                         ...
Image
  অনুৰোধৰবন্তিঃ                                                                ~   বদিউৰ জামান   হে আই.... হে মোৰ মাতৃভূমি... এচেৰেঙা পোহৰৰ আশাত অনুৰোধৰ বন্তি জ্বলাইছো .. মোৰ সুখাভিলাষী শৈশৱৰ আলিবাটত নৰক নাসাজি বা , পুতলা খেলৰ সতেই মই জীৱনৰ সোৱাদ লম য’ত অনুদ্বেগ হব মোৰ কুমলীয়া শৈশৱ ৷   তোমালোকৰ মনত মই বাৰু কেনেকৈ অৱহেলিতৰ ভাজন হলোঁ ? কিয় মোক অপ্ৰ ত্যা শিত কৰ্মৰ জালত বন্দী কৰিব বিচাৰিছা ?   বোৱাৰী সাজেৰে সজ্জিত হৈ আনৰ চোতাল শোভাবৰ্ধন কৰিবলৈ মোৰ মনে বিচৰা নাই , শতবাৰ কৰযোৰ কৰিছো                             মৰহি যাবলৈ নিদিবা মোৰ সুখাভিলাষী স্কুলীয়া শৈশৱক....   ।   দৰিদ্ৰতা মাথোঁন , নিদিওঁ দুৰ্বলতাক প্ৰশ্ৰয় মোৰ এই ব্যথিত জীৱনত মোৰো এটা সপোন আছে বা...
Image
  গিজুভাই বাধেকা   (Gijubhai Badheka )   ( From Wikipedia for internal reading of Education Team ) গিজুভাই বাধেকা এগৰাকী প্ৰখ্যাত শিক্ষাবিদ।   তেখেতৰ দ্বাৰা   মূল গুজৰাটী ভাষাত ৰচিত “দিবা স্বপ্ন” গ্ৰন্থখন আমাৰদেশত মণ্টেচৰী শিক্ষা পদ্ধতিৰ প্ৰয়োগৰ এক মনোৰম কাহিনী। অস্মিতা কলিতাই এই গ্ৰন্থ খনৰ কিয়দাংশ ছোৱা ছোৱাকৈ  অসমীয়ালৈ অনুবাদ কৰি ইয়াত লিখিব। (15 November 1885 – 23 June 1939) Gijubhai Badheka   was an  educator  who helped to introduce  Montessori education  methods to India. [1]  He is referred to as "Moochhali Maa" ("mother with whiskers"). Badheka was a  high court  lawyer, however, following the birth of his son in 1923, he developed an interest in childhood development and education. In 1920, Badheka founded the "Bal Mandir"  pre-rimary  school. [2]  Badheka published a number of works in the field of education including  Divaswapna  ("Daydreams"). [2] Gijubhai became ...

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস, এখন বিদ্যালয় আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান

Image
             28 ফেব্ৰুৱাৰী। আমি ধৰি লওঁ সকলো শিক্ষিত ভাৰতীয়ই এইটো দিনৰ গুৰুত্ব বুজি পায় ।  28 ফেব্ৰুৱাৰী 2019, সেই বছৰৰ এই দিনটো উদযাপন কৰিবলৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া এখন বিদ্যালয়লৈ বুলি আগবাঢ়িলো। বিষ্ণুপুৰ মধ্য ইংৰাজী বিদ্যালয়। মোৰ লগত আছিল মোৰ সহকৰ্মী দেতচাং বসুমতাৰী আৰু লগতে চালকৰ আসনত পংকজ। তেতিয়া আমি আৰণ্যক ত কৰ্মৰত।      এইখন বিদ্যালয় মানাহৰ পানবাৰী ৰেঞ্জৰ অন্তৰ্গত। বিদ্যালয়খনৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ 3 কিঃ মিঃ দূৰত্ব।      বতৰ ডাৱৰীয়া। ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে। আমি এই দিৱসটো বিদ্যালয়ৰ মুকলি চৌহদত ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান কুইজ আৰু পৰিবেশৰ লগত জড়িত খেলৰ মাজেৰে কটাম বুলি ভাৱিছিলো। কিন্তু নেৰানেপেৰা বৰষুণৰ বাবে মুকলি চৌহদত কাৰ্যসূচীবোৰ পালন কৰিব নোৱাৰিলো।      সেই বছৰৰ বিজ্ঞান দিৱসৰ বিষয়বস্তু আছিল মানুহ বিজ্ঞানৰ বাবে আৰু বিজ্ঞান মানুহৰ বাবে। বৰষুণৰ কাৰণে বিদ্যালয়ৰ এটা শ্ৰেণীকোঠাত আমি ছাত্ৰ-ছাত্ৰীৰ লগত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন   কৰিলো।...