সেউজীয়া জীৱন পদ্ধতি 

 কন্দৰ্প কলিতা

 জীৱনৰ কিবা ৰং থাকেনে ? কথাষাৰ কবিতা কবিতা যেন লাগিব পাৰে , আচলতে প্ৰসংগটো অলপ বেলেগ  

 আমি আমাৰ জীৱন কালত এই পৃথিৱীখনৰ অহৰহ ক্ষতি সাধন কৰো প্ৰায়েই আমি এই কথা গমেই নাপাওঁ গম পালেও নিজৰ সুখ সুবিধাৰ স্বাৰ্থত তাক আওকাণ কৰো। সমাজ , দেশ বা সমগ্র পৃথিৱীৰ মংগলৰ কথা কলে মানুহৰ মনত দুই ধৰণৰ সন্দেহৰ সৃষ্টি হয় - প্ৰথমতে ভবা হয় যে ইয়াৰ মাজত কিবা চালাকি আছে তাৰ পিছতে এনে ভাব আহে যে - বাপৰে পৃথিৱীৰ কথা ....

 আচলতে আমাৰ দৈনন্দিন কাম কাজৰ মাজতে পৃথিৱীখনক বচোৱাৰ উপায় আছে হয়, ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি বিচনাত পৰালৈকে কৰা সকলো কামতে এই সুবিধা পোৱা যায় প্ৰতিটো কাম বেলেগ বেলেগ ধৰণে কৰিব পাৰি তাৰে কোনোবাটোৱে পৃথিৱীখন বচায় আৰু কোনোবাটোৱে ইয়াক ধ্বংস ফালে ঠেলি দিয়ে

 উদাহৰণ দিলে কথাটো স্পষ্ট হব - ৰাতিপুৱা কামলৈ যাওঁতে চাইকেলেৰে বা মটৰেৰে যোৱাৰ মাজত চাইকেলে পৃথিৱীখনৰ একো ক্ষতি নকৰে ।কিন্ত পেট্ৰল বা ডিজেল চালিত বাহনে বায়ুমণ্ডলত এঙাৰ গেচ এৰি দিয়ে এঙাৰ গেচে বায়ুমণ্ডলৰ ওপৰভাগত থকা ওজন স্তৰৰ ক্ষতি সাধন কৰে। সিয়েই গৈ পৃথিৱীখনৰ উষ্ণতা বঢ়াই আৰু প্ৰাকৃতিক দুৰ্যোগ মাতি আনি ইয়াক ধ্বংসমুখী কৰে।

 ইয়াৰে যিটো পথ গ্ৰহণযোগ্য তাকে ইংৰাজীত green way of living বোলা হয়। অসমীয়াত আমি ইয়াক সেউজীয়া জীৱন পদ্ধতি বুলি কব পাৰো। ইয়াত সেউজীয়া ৰঙে দুটা অৰ্থ প্ৰ্কাশ কৰে- ১। সেউজীয়া প্ৰ্কৃতিৰ অনুকূল এক জীৱন পদ্ধতি ২।ট্ৰেফিক লাইটৰ সেউজীয়া ৰঙে যিদৰে বাটটো মুকলি হোৱা দেখুৱাই  সেইদৰে ,ই কোনবোৰ কাম গ্ৰহণযোগ্য বা কোনটো প্থ শুদ্ধ তাক প্ৰকাশ কৰে।

 এনে ধৰণৰ আৰু কেইটামান উদাহৰণ দিলে  যিকোনো লোকে কোনটো পথ সেউজীয়া অৰ্থাৎ পৃথিৱী তথা প্ৰকৃতিৰ বাবে ক্ষতিকৰ নহয় তাক বুজাত সহজ হব।

 ব্যক্তিগত সৰু  গাড়ীত যোৱাতকৈ বাচ বা ৰেলত যোৱা ভাল কাৰণ এজন লোকৰ ভাগত হোৱা ইন্ধনৰ খৰছ কম হব আৰু মুঠতে এঙাৰ গেচো কমকৈ ওলাব

 খেতি কৰোতে ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ নকৰি জৈৱিক পদ্ধতি অৱলম্বন কৰা , যিয়ে বায়ু,  পানী আৰু মাটি প্ৰদূষণ পৰা ৰক্ষা কৰিব পাৰে

দৈনন্দিন জীৱনত পানী, খাদ্য আৰু বিজুলী শক্তি যিমান পাৰি কমকৈ খৰছ কৰিব লাগে অপচয় ৰোধ কৰিব লাগে

 কোনো  সামগ্ৰী পুৰণি হলেও তাক পুনৰ ব্যৱহাৰ কৰিব পাৰি নেকি চাব লাগে প্লাষ্টিক, ধাতুৰ পুৰণি সামগ্ৰী গলাই নতুন কৰিব পাৰি (Recycle) এনে কৰিবলৈ হলে আমি পেলনীয়া সামগ্ৰীৰ মাজৰ পৰা এইবোৰ পৃথক কৰি ৰাখিব লাগিব ভঙা চিঙা বস্তুৰ ব্যৱসায় কৰা সকলে এনেদৰে পৃথিৱীখন বচোৱাৰ বেলিকা ডাঙৰ ভূমিকা পালন কৰে

ধোৱা অৰ্থাৎ কাৰ্বন  নি:সৰণ কৰা যি কোনো ধৰণৰ যন্ত্ৰই  বায়ুমণ্ডলৰ ক্ষতি কৰে। এইবোৰ যিমান পাৰি এৰাই চলাটো পৃথিৱীৰ বাবে মংগলজনক কিন্তু আধুনিক জীৱন যাত্ৰাত অতি কঠিন। সেয়েহে বিজ্ঞনী সকলে গাড়ী মটৰ আদি সকলো যন্ত্ৰৰে উন্ন্তি সাধন কৰি ধোৱা ওলোৱাটো কমাবলৈ চেষ্টা কৰিছে।

 উদ্ভিদ  আৰু বনৰীয়া   প্ৰাণীয়ে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাত সহায় কৰে। সেয়েহে তাক সুৰক্ষা দিয়া সকলো কামে জীৱনৰ সেউজীয়া কাম। গছ কটা অৰণ্য ধ্বংস কৰাটো ভুল তেনেকৈ যিকোনো গছ লাগিলে অলাগী অকাঠি জংঘলে হওক ৰুব লাগে।

 অৰ্থাৎ আমি সাধাৰণতে সৰু কাম বুলি ভবা কামেও পৃথিৱীখন ৰক্ষাৰ ক্ষেত্রত সহায়ক হব পাৰে দৈনন্দিন কামৰ বেলিকা আমি প্ৰত্যেকে পৃথিৱীখনৰ বাবে তুলনামূলকভাৱে কম ক্ষতিকৰ পদ্ধতি এটা গ্ৰহণ কৰি লোৱাটোৱে আমাৰ সকলোৰে লক্ষ্য হোৱা উচিত  

 

Comments

  1. পাঠক সকললৈ অনুৰোধ

    এই ৰচনাখন পঢ়াৰ পিছত আপুনি জীৱনৰ যিকোনো চাৰিটা শুদ্ধ (সেউজীয়া) পথ আৰু চাৰিটা ভুল ( ৰঙা) পথ বাচনি কৰি লিখক। যদি সম্ভৱ হয়, ৰচনাখনত নথকা উদাহৰণ দিবলৈ চেষ্টা কৰিব।

    ReplyDelete
  2. সময়ৰ আবাহন 'সেউজীয়া জীৱন প্ৰণালী', মানৱ সমাজে অতি সোনকালে ইয়াক উপলব্ধী কৰা উচিত | নহলে ইয়াৰ পৰিণতি আপুনি কল্পনা কৰিব পাৰে পানী অবিহনে মাছৰ যি অৱস্থা হয় তাৰ লগত আৰু হয়তো তাতকৈ ও বেছি ভয়াবহ হব বুলি কলেও একো ভূল কৰা নহব |
    আমি সকলোয়ে জানো যে আমি প্ৰাণী-উদ্ভিদ জগত এক তন্ত্ৰত (system) আবদ্ধ আৰু সকলো প্ৰাণী তথা উদ্ভিদ ইটোয়ে-সিটোৰ ওপৰত নিৰ্ভৰশীল আৰু সেইবাবে ভাৰসাম্যতা বজাই চলাতো দৰকাৰ | এই তন্ত্ৰক পৰিস্তিতি তন্ত্ৰ বোলা হয় আৰু ই আমাৰ পৰিবেশৰ এক অংশ হয় বাবে পৰিস্থিতি তন্ত্ৰৰ ক্ষতি সাধন মানে পৰিবেশৰো ক্ষতি সাধন সেয়ে কিছুমান পৰিবেশ বিজ্ঞানীয়ে পৰিস্থিতি তন্ত্ৰকে পৰিবেশ বুলি মত দাঙী ধৰে | এই তন্ত্ৰৰ ভাৰসাম্যতা ৰক্ষা কোৰাতো অতি প্ৰয়োজন কিয়নো ইয়াৰ প্ৰভাৱ অকল প্ৰাণী বা উদ্ভিদৰ ওপৰত পৰায় নহয় পৃথিৱীৰ প্ৰত্যেকতো বস্তুৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষ ভাবে ইয়াৰ প্ৰভাৱ পৰে আৰু ইয়াৰ পৰিণতি লাহে লাহে ভয়াবহ হৈ গৈ থাকে | কিন্তু আমি মানৱ সমাজে আমাৰ ব্যক্তিগত স্বাৰ্থ পূৰ কৰিবলৈ গৈ পৰিস্থিতি তন্ত্ৰৰ ওপৰত গুৰত্বৰ ক্ষতি সাধন কৰি আহিছো আৰু তাৰ ফল হিচাপে আমি এতিয়া বিভিন্ন সমস্যাৰ সন্মূখিন হৈছো |
    সেয়ে 'সেউজীয়া জীৱন প্ৰণালীক' জীৱনৰ দৰ্শন হিচাপে লৈ আই বসুমতিক সেউজী কৰাৰ লক্ষ্যৰে আমি সকলোয়ে নিজাভৱীয়া কৈ কিছু বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰা উচিত…যেনে ধৰক সৌৰশক্তিক দৈন্যদিন জীৱনত ব্যৱহাৰ কৰি, গাঁও তথা নগৰত হাবি বা বন সংৰক্ষন কৰিবৰ বাবে কিছুমান গোট বা সমিতি খুলি , মাত্ৰ এবাৰ ব্যবহৃত হোৱা প্লাষ্টিক ব্যবহাৰ কৰাৰ পৰা বিৰত থাকি, ন প্ৰজন্মক ইয়াৰ বিষয়ে সজাগ কৰি, গছ পুলি ৰোপণ কৰি ইত্যাদিৰ উপৰিও চৰকাৰে ইয়াৰ বাৱে কিছুমান আচনি লৈ বৈজ্ঞানিক পদ্ধতিৰে ৰাইজক পৰিবেশৰ ৰক্ষণাবেক্ষণ কৰাৰ বিষয়ৰ লগতে পৰিবেশ অনিষ্ট কৰিলে কি কি ভয়াবহ সমস্যাৰ সৃষ্টি হব পাৰে সেই বিষয়ে অবগত কৰি সেউজীয়া জীৱন প্ৰণালীৰ ভেতি স্থাপন কৰিব পৰা যাব বুলি মোৰ ধাৰণা হয় |
    ধন্যবাদ |
    কিবা ভুল-ভ্ৰাণ্টি থাকিলে ক্ষমা কৰি দিয়ে যেন |
    শেষত মনত গুণ-গুণাই থকা কেইটামান শাৰীৰে এটি কবিতাৰ ৰূপ দিবলৈ যত্ন কৰলো..

    কবিতাৰ শিৰনামা : যুদ্ধ

    আবাহন এয়া একবিংশ শতিকাৰ
    নাই যে সময় অকণ এলাহৰ,
    প্ৰাণ আজি তোমাৰ সংকটত !
    হে মোৰ জননীৰ
    বীৰ-বীৰংগনা
    জাগা , জাগি উঠা
    ল প্ৰতিজ্ঞা,বজাই দিয়া ৰণশিঙা |
    জয়ী হব লাগিব এই যুদ্ধ
    কাৰণ যুদ্ধ এয়া অস্তিত্বৰ |

    হে মোৰ জননীৰ
    বীৰ-বীৰংগনা
    জাগা , জাগি উঠা..
    সেউজী কৰি তোলা তোমাৰ চৌদিশ্ ,
    সেউজী কৰি তোলা তোমাৰ চৌদিশ্ ........
    নাই যে সময় অকণ এলাহৰ,
    নাই যে সময় অকণ এলাহৰ |

    আকৌ এবাৰ ধন্যবাদৰে সামোৰিলো l
    :পল্লৱ নাথ

    ReplyDelete

Post a Comment

Popular posts from this blog

DEREK- a village full of greenery

মোৰ গাওঁ