ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস, এখন বিদ্যালয় আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান

       
    28
ফেব্ৰুৱাৰী। আমি ধৰি লওঁ সকলো শিক্ষিত ভাৰতীয়ই এইটো দিনৰ গুৰুত্ব বুজি পায় । 28 ফেব্ৰুৱাৰী 2019, সেই বছৰৰ এই দিনটো উদযাপন কৰিবলৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া এখন বিদ্যালয়লৈ বুলি আগবাঢ়িলো। বিষ্ণুপুৰ মধ্য ইংৰাজী বিদ্যালয়। মোৰ লগত আছিল মোৰ সহকৰ্মী দেতচাং বসুমতাৰী আৰু লগতে চালকৰ আসনত পংকজ। তেতিয়া আমি আৰণ্যক ত কৰ্মৰত।
    এইখন বিদ্যালয় মানাহৰ পানবাৰী ৰেঞ্জৰ অন্তৰ্গত। বিদ্যালয়খনৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ 3 কিঃ মিঃ দূৰত্ব।
    বতৰ ডাৱৰীয়া। ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে। আমি এই দিৱসটো বিদ্যালয়ৰ মুকলি চৌহদত ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান কুইজ আৰু পৰিবেশৰ লগত জড়িত খেলৰ মাজেৰে কটাম বুলি ভাৱিছিলো। কিন্তু নেৰানেপেৰা বৰষুণৰ বাবে মুকলি চৌহদত কাৰ্যসূচীবোৰ পালন কৰিব নোৱাৰিলো।
    সেই বছৰৰ বিজ্ঞান দিৱসৰ বিষয়বস্তু আছিল মানুহ বিজ্ঞানৰ বাবে আৰু বিজ্ঞান মানুহৰ বাবে। বৰষুণৰ কাৰণে বিদ্যালয়ৰ এটা শ্ৰেণীকোঠাত আমি ছাত্ৰ-ছাত্ৰীৰ লগত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰিলো।
    এই দিৱসটোৰ আঁৰৰ মূল ব্যক্তিজন অৰ্থাত ছাৰ চি. ভি. ৰমণৰ বিষয়ে আমি কুইজৰ দ্বাৰাই ছাত্ৰ-ছাত্ৰীৰ মাজলৈ উলিয়াই আনিব চেষ্টা কৰিলো। সকলোৰে সুবিধাৰ কাৰণে কুইজ প্ৰতিযোগিতাখন প্ৰজেক্টৰত স্ক্ৰীণিং কৰা হৈছিল।
    প্ৰথম প্ৰশ্নটো আছিল- ছাৰ চি. ভি ৰমণৰ এখন ফটো আৰু তলত এশাৰী বাক্য- এই ব্যক্তিগৰাকী কোন!
    আচৰিত ভাৱে কোনেও উত্তৰ দিব নোৱাৰিলে।
    দ্বিতীয় প্ৰশ্নটো আছিল- 28 ফেব্ৰুৱাৰী দিনটো কি দিৱস হিচাপে পালন কৰা হয়!
    90 জন ছাত্ৰ-ছাত্ৰীৰে পৰিবেষ্টিত কোঠাটো পুনৰ নীৰৱ হৈ গৈছিল!
    পিছৰ প্ৰশ্নবোৰ মানাহ আৰু পৰিবেশৰ ওপৰত সোধা হৈছিল। এইবাৰ ছাত্ৰ-ছাত্ৰীৰে ভৰ্ত্তি কোঠাটো নিৰ্জন কৰি ৰাখিবলৈ আমাৰ যথেষ্ট অসুবিধা হৈছিল। এটাৰ পিছত এটাকৈ সকলো উত্তৰ দি গৈছিল। আত্মবিশ্বাসেৰে, বলিষ্ঠভাৱে।
    1973 চনত এই বিদ্যালয়খন স্থপিত হয়। বিদ্যালয়খনত চাৰিটা Computer আছে। আজিলৈ কোনো ছাত্ৰ-ছাত্ৰীয়ে ব্যৱহাৰ কৰি পোৱা নাই। আছে, এটা প্ৰকাণ্ড জেনেৰেটৰ, কিন্তু জেনেৰেটৰ চলাবলৈ ইন্ধনৰ খৰচ বহন কৰিব নোৱাৰে বিদ্যালয় কতৃপক্ষই। একেবাৰে স্বাভাৱিক আৰু হয়তো কেইটামান বছৰ লাগিব বিদ্যালয়লৈ বিদ্যুতৰ সংযোগ আহোতে। জুন মাহৰ প্ৰচণ্ড গৰমটো 240 জন ছাত্ৰ-ছাত্ৰীৰে পূৰ্ণ বিদ্যালয়খনত 3 টা শাখাত 3 টা কোঠাত পাঠদান চলি থাকে। ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক শিক্ষয়ত্ৰীৰ মাজত এক বুজাৱ নোৱাৰা বুজাপৰা। হয়তো ইয়াকে কয় Co-Existenceহয়তো ইয়াকে কয় মানুহ বিজ্ঞানৰ বাবে।
    অনুষ্ঠানটো সামৰি ছাৰ চি. ভি. ৰমণক পুনৰ এবাৰ স্মৰণ কৰি ছাত্ৰ-ছাত্ৰী আৰু শিক্ষাগুৰু সকলক ধন্যবাদ জনাই আমি এতিয়া মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ অভিমুখী। সময় তেতিয়া দুপৰীয়া দুই বাজি পঞ্চলিছ মিনিট, এতিয়াও বৰষুণ আহি আছে।
   
             যোৱা দুই বছৰত মানাহলৈ কিমান বাৰ আহিছো তাৰ হিচাপ একেবাৰেই নাই, কিন্তু ডাৱৰীয়া বতৰত মানাহৰ ভিতৰলৈ অহাৰ সুযোগ আৰু সময় অহা নাছিল। আজি এই দুয়োটাই আছে, গতিকে দ্বিতীয়বাৰ ভৱাৰ কোনো অৱকাশ নাছিল।
             গাত এটেপাল বৰষুণ পৰা নাছিল যদিও মানাহৰ গভীৰ অৰণ্যৰ অকৃত্ৰিম সেউজীয়া আৰু গোটেই পৰিবেশটোৱে মনটো আকৌ এবাৰ জীপাল কৰি তুলিছিল। আমাৰ কাৰো মুখত মাত নাছিল নিস্তব্ধ ভাৱে আমি অগুৱাই গৈ আছিলো বতাহ আৰু বৰষুণৰ মাজে মাজে। কিন্তু সকলোৰে মনত এটাই আশা আছিল বাঘ দেখিবলৈ পোৱা হলে। হয়, মানাহত বাঘ দেখিবলৈ পোৱাটো অতি টান এক প্ৰকাৰ ভাগ্যৰ কথা।
   
       বাঘে পুনৰবাৰ নিৰাশ কৰিলেও মেথোন, দল হৰিণা, বনৰীয়া মহ, হাতী, বনৰীয়া গাহৰি, টুপী মূৰীয়া বান্দৰ আমাৰ দৃষ্টিৰ পৰা আঁতৰি যাব নোৱাৰিলে।
        উৰি যোৱা অৱস্থাত দেখিবলৈ পালো এটা ৰাজধনেশ, অসংখ্য বুলবুলি, শিলকপৌ, ময়ূৰ, ফেঁচু, বগা-বুকুৱা মাছৰোকা, কাও চৰাই, বালিঘোৰা আৰু সখিয়তীয়ে মনলৈ এক অনবিল প্ৰশািন্ত আনি দিছিল।
     বৰ্ষাসক্তি মানাহ পৰ্যবেক্ষণ কৰি উভতি যোৱাৰ পথত বাৰে বাৰে এটা কথাই আমাৰ মন আৰু মগজুত ক্ৰিয়া কৰি আছিল বিষ্ণুপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰথমবাৰলৈ ছাৰ. চি. ভি. ৰমণৰ জানিব পাৰিলেও মানাহৰ জৈব-বৈচিত্ৰতা আৰু তাৰ সংৰক্ষণৰ গুৰুত্ব সিহঁতে গভীৰভাৱে উপলদ্ধি কৰিছে। বিজ্ঞান মানুহৰ বাবে।
 
কুলদীপ দাস

Comments

  1. "এখন বিদ্যালয় আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান"
    এই ভ্ৰমণ কাহিনীটো পঢ়ি বহুত ভাল লাগিল। সঁচাকৈ আমাৰ ছাত্র-ছাত্ৰীসকলোক এনে ধৰণৰ জ্ঞান-বিজ্ঞানৰ ভ্ৰমন আৰু শিক্ষা অতিকৈ আবশ্যক। বৰ্তমানৰ দিনত আমাৰ ল'ৰা-ছোৱালীয়ে ডাঙৰ ডাঙৰ গছ-গছনি, হাবি-জংগল দেখা নাপায়, কাৰণ গাওঁত বা পাহাৰত নাই। কাটি তহিলং কৰি অছে। গতিকে আমি সকলোৱে গছ ৰপণ কৰিব লাগে আৰু ছাত্র-ছাত্ৰীসকলোকো গছ ৰপণ কৰিবলৈ দিব লাগে।

    ReplyDelete

  2. Natya Rabha

    এখন বিদ্যালয়ৰ শৈক্ষিক ভ্ৰমণ বছৰত যোৱাটো অতিকৈ গুৰুত্বপূর্ণ বিষয়। এই শৈক্ষিক ভ্ৰমণে ছাত্র-ছাত্ৰী সকলৰ মনত আনন্দ আৰু প্ৰকৃতিৰ প্ৰতি সজাগতাৰ । সৃষ্টি আনে।ছাত্র-ছাত্ৰী সকলে প্ৰকৃতিক ভাল পাবলৈ শিকে আৰু জৈব- বৈচিত্র্য ৰ বিষয় গুৰুত্ব বুজি গছ- গছনি সংৰক্ষণ কৰা আৰু জীৱ-জন্তু অৰণ্যত কি দৰে জীয়াই থাকে বা কি দৰে বাস কৰে তাক ছাত্র-ছাত্ৰী সকলে উপলব্ধি কৰিব পাৰি।

    ReplyDelete
  3. Rashtriy vigyan divas 28 february 1987 protham divas ujjapon kora hoi.Manah Rashtriy udyan cirang aru baksha zilat Abosthit mana rashtriy udyan hichape sikritho praptho hoi 1990 chonot.ai golpho t manah rashtriy udyan or 3 km durot akhon school asil.hai school khonor nam asil bishnupur modhya angra angragi vidyalay t proti basore quiz Anusthito kore aru satro- satri hokolk prokritir logat hozag aru jibo boichitro logat khab khai cholibo paro hai bikhya alochana kora hoi.anekuwa golpor joriyate totha Vromon kori ami , satro-satrik hokolok udyan jibo boichaitro logat porichay korabo paro.

    ReplyDelete
  4. বহুত অভিজ্ঞতা হ'ল

    ReplyDelete
  5. নাম :- ছাদ্দাম হুছেইন
    জিলা :- বঙাইগাঁও
    আমাৰ গাওঁ আঞ্চলৰ প্ৰাথমিক বিদ্যালয় বোৰত তেনে কোৱা শিক্ষা মূলক বা বিভিন্ন ধৰণৰ উৎসৱ বা দিৱস খুব কম হ'য়।
    গতিকে তেনে কোৱা উৎসৱ বা দিৱসৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক বিভিন্ন বিষয়ৰ ওপৰত জ্ঞান লাভ কৰিব পাৰিব ।

    ReplyDelete
  6. Name:- Mohela Khatun.
    Dist:- Bongaigaon.

    বিদ্যালয় সমূহত দিৱস সমুহ উৎযাপন কৰা দৰকাৰ। শৈক্ষিক ভ্ৰমণ ও ছাত্ৰ-ছাত্ৰী সকলৰ বাবে অতি প্ৰয়োজনীয়। কিয়নো শৈক্ষিক ভ্ৰমণত ছাত্ৰ-ছাত্ৰী সকলৰ জ্ঞান বৃদ্ধি পায়।

    ReplyDelete
  7. Very Good. I liked the article. Kandarpa Kalita

    ReplyDelete
  8. It was a nice reading. Hope to read some more from your experiences.

    ReplyDelete

Post a Comment

Popular posts from this blog

DEREK- a village full of greenery

মোৰ গাওঁ