শ্ৰদ্ধেয় সহকৰ্মীসকল,

আজিৰ ভাষা শিক্ষণ কৰ্মশালাৰ অংশ হিচাপে ইতিমধ্যে আপোনালোকক  “গ্ৰন্থমেলা”  শীৰ্ষক গল্প এটি পঢ়িবলৈ দিয়া হৈছিল। গল্পটোৰ মূলভাৱ প্ৰকাশ কৰিব পৰাকৈ অতি কমেও দহটা বাক্যৰে এটি সাৰাংশ লিখক।

অস্মিতা কলিতা

১৮ জুন, ২০২১


Comments

  1. LATIFA AHMED (Bongaigaon)
    ১/ মেলা আৰু গ্ৰন্থ মেলাৰ মাজত পাৰ্থক্য বুজিব পাৰি।
    ২/ গ্ৰন্থ অধ্যয়ন কৰিলে কি লাভ হয়।
    ৩/ গ্ৰন্থ অধ্যয়ন ৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হয় ।
    ৪/ গ্ৰন্থ মেলাত নতুনকৈ প্ৰকাশ পোৱা গ্ৰন্থ উন্মোচন কৰা হয়।
    ৫/ গ্ৰন্থ অধ্যয়ন ৰ প্ৰতি আগ্ৰহী জন্মৱো হয়।
    ৬/ বৰ্তমান সময়ত গ্ৰন্থ তকৈ Laptop, face book, Twitterআদিৰ প্ৰতি আগ্ৰহী বেছি।
    ৭/ড, ভূপেন হাজৰিকাৰ গীতৰ বৈশিষ্ট্য ৰ বিষয়ে জানিবলৈ পালো।
    ৮/ টিকট বিক্ৰীৰ বিষয়ে জানিবলৈ পালো।
    ৯/ গ্ৰন্থ মেলাত দৰ্শকক আকৰ্ষণ কৰিবলৈ ভাল।
    ১০/ মানৱীয় মূল্যবোধ আহৰণ কৰিব পাৰো।
    য়

    ReplyDelete
  2. নাম : গগন লহকৰ গ্ৰন্থমেলা এই গল্পটো ভালেই লাগিল। কিন্তু এই গল্পটোৰ জৰিয়তে , আজিৰ নৱ প্ৰজন্মই যে, কিতাপ পঢ়া ৰ পৰা বিৰত থাকি কিছুমান বিশেষ বস্তুৰ প্ৰতি আকৃষ্ট হৈ, কেৱল নিজৰ সময় বা কামৰ অজুহাত দেখুৱাই কিতাপ পঢ়াৰ পৰা আতৰি আছে। আৰু এইবোৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰিয়েই, যাতে নৱপ্ৰজন্নক কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহী কৰিব পাৰি এনেবোৰ কাৰণতে আজি কালি সঘনে গ্ৰন্থ মেলাৰ আয়োজন কৰা হৈ আহিছে।।

    ReplyDelete
  3. Anju khakhalary
    Goalpara

    এই গল্পটোৰ পৰা কব লাগিব যে আনন্দদায়ক অনুষ্ঠান বা মেলাই সচা মেলা আছিল যত মানুহৰ সৰু ডাঙৰ সকলোৱে অংশ গ্ৰহণ কৰে কিন্তু সভ্যতাৰ লগে লগে মানুহৰ চিন্তাধাৰাৰ পৰা বিভিন্ন ধৰনৰ মেলা বা অনুষ্ঠান হৈছে । তাৰে ভিতৰত এটা হৈছে গ্ৰন্থমেলা । যিটো মেলাত বৰ্তমান মানুহৰ আনন্দদায়ক অৰ্থাত্ গান বাজনা মেলাতকৈ কম সংখ্যক মানুহৰ অংশগ্ৰহণ কৰা দেখা যায় । হয় মানুহৰ টকা পইচা থাকিলেও এশ জনৰ এক জন হে গ্ৰন্থমেলাত কিতাপ এখন কিনিব বা মেলাত যাও বুলি কয় কিন্তু যাব লাগিছিল বুলি কোৱা বহুত থাকে । কিতাপ পঢ়াৰ প্ৰতি মানুহৰ ইচ্ছা থাকিলেও কিতাপ এখন কিনিবলৈ গ্ৰন্থমেলাত যাবলৈ ইচ্ছা নকৰে আৰু যিসকল চাকৰিয়াল সেইসকলেতো কিতাপ এখন কিনিবলৈ বা দিবলৈ গলেও টকা পইচাৰ কথা এবাৰ ভাবিব কিন্তু কিতাপখন যে পিচত পাব নে নাই সেই কথা চিন্তা নকৰে । বৰ্তমান মানুহৰ ইচ্ছা থাকিলেও গ্ৰন্থমেলাতকৈ অন্য মেলাত আগ্ৰহ বেছি দেখা যায় । মানুহে জ্ঞান আহৰণৰ বাবে অলপ সময়ৰ লগতে টকা পইচা খৰচ কৰিব কষ্ট পায় । যিসকল গ্ৰন্থমেলা অনুষ্ঠানত যায় সেইসকলৰ ভিতৰত খুব কম সংখ্যক মানুহে কিতাপ এখন কিনিম বুলি যায় ।

    শেষত এইটোকে কব পাৰি যে বৰ্তমান মানুহৰ কিতাপৰ পঢ়াৰ প্ৰতি ধাউতি নোহোৱা হৈ গৈছে । যাৰ ফলত মানুহৰ স্বভাৱ চৰিত্ৰ উগ্ৰ মনৰ হিংসা মনভাৱৰ হৈ নানা ধৰনৰ অতি জঘন্য ঘটনাবোৰ ঘতিবলৈ ধৰিছে ।

    ReplyDelete
  4. Name:-HAFIZUR RAHMAN. from :-Bongaigaon
    1.গ্রন্থ আরু মেলার মাজত পাৰ্থক্য
    আছে।
    2. গ্ৰন্থ হ'ল জ্ঞানর ভাণ্ডাৰ।
    3.মেলা হল উৎসৱ।
    4. গ্ৰন্থ পুথি পঢ়ারর প্ৰতি আগ্ৰহী নহয়।
    5.মেলাত বহুতো নতুন নতুন বস্তু দেখি বলৈ পোৱা যায়।
    6.ড°ভূপেন হাজৰিকা আত্ম জীৱনীর বিষয়ে জানিবলৈ পালো।
    7. গ্ৰন্থ মেলাত বিভিন্ন ঠাইত পয্যটক আহে।
    8. বৰ্তমান সময়র বেছি ভাগ লরা ছোৱালীয়ে মোবাইল, ফেচবুক, টুইটাৰ, ইন্টারনেট র প্রতি আগ্রহী।
    9. গ্ৰন্থ মেলাত টিকট বিক্ৰী বিষয়ে জানিবলৈ পালো।

    ReplyDelete
  5. Name- Purbajyoti Rabha

    "গ্ৰন্থমেলা"

    গ্ৰন্থমেলা বুলি কলে আমাৰ মনত এটাই ভাব হয় " বহুতো কিতাপৰ দোকান, বভিন্ন ধৰণৰ সৰু ডাঙৰ কিতাপ, বভিন্ন ধৰণৰ গ্ৰন্থ আৰু উপন্যাস ৰ কিতাপ মনলৈ আহে।
    কিন্তু এতিয়া গ্ৰন্থমেলাৰ প্ৰতি মানুহৰ ধাউতি কমি আহিছে আৰু ইয়াৰ কাৰণ হল এচ.এম.এচ, এম.এম.এচ, ফেচবুক, টুইটাৰ, ইন্টাৰনেট আদি ব্যবহাৰ কৰি মনৰ খোৰাক যোগায়। আৰু এইবোৰ বস্তু বহু সময় ধৰি বেব্যহাৰ কৰি থকা হয় অথচ গ্ৰন্থ বা কিতাপ পঢ়িবলৈ মন নহয় বা নাযায়।
    এই গল্পটোত দুজন লোকৰ চৰিত্ৰ প্ৰকাশ পাইচে " বিপ্লৱ আৰু লোহিত লগতে অসমৰ সুধাকন্ঠ ডক্তৰ ভূপেন হীজৰিকা দেৱৰ গীতৰ বষয়ে প্ৰকাশ পাইছে।
    এই চুটি গল্পটোত প্ৰেমিক- প্ৰেমিকাৰ কথাও প্ৰকাশ পাইছে আৰু তেওলোক আচলতে কিতাপ কিনিম বুলি গ্ৰন্থমেলালৈ আহা নাছিল।
    সুধাকন্ঠৰ মৃত্যুৰ পিছত হে তেখেতৰ জীৱনৰ অমূল্য গীত তথা জীৱনী অসমীয়া লোকে উপলব্ধি কৰিছিল।
    কিছুমান ল'ৰা-ছোৱালীয়ে মা-দেউতাৰমা-দেউতাকৰ ধন বোৰ যধে-মধে খৰচ কৰি ফুৰে আৰু তেওলোকে টকা-পইচাৰ মূল্য একো বুজি নাপায়।
    এজন গুণী ব্যক্তিৰ সঠিক পৰিচয় তেওঁৰ জীয়াই থকা কালত আলোকিত নহয়, যোগ্যতানুসাৰে তেওঁলৈ সম্মান যঁচা নহয়।
    কিন্তু মৃত্যুৰ পিছতে হঠাৎ যেন আমি সাৰ পাই উঠোউঠো আৰু সেইজন ব্যক্তিৰ গুগুণ-গান কৰিবলৈ উঠি পৰি লাগে। শোক সভা পাতি শ্ৰদ্ধাঞ্জলি যাঁচো। দুগৰাকী ন-বোৱাৰী যেন মহিলা কিতাপৰ দোকানত আহি এজনীয়ে কিতাপ কিনিব আৰু আন এজনীয়ে তেওঁৰ ভাল লাগা ধাৰাবাহিক খন এৰিব নোৱাৰাৰ কথা কৈছে। ইয়াত গম পোৱা গল যে এই দুগৰাকী ৰ মাজত দুয়োৰে মন বেলেগ বেলেগ এজনী কিতাপ পঢ়ে আৰু আনজনী ধাৰাবাহিক চাই ভাল পায়।

    ReplyDelete
  6. Sofiur Rohman
    Dist:- Goalpara



    Grohontho mela hol ek osthai mela.ai mela tinpat di geri pota hoi.kisudin thokar pasot Aan thailoi guchi jai.Maje shomaiyat Amar desht bohu thaeit grohontho mela hoi.iyat bibhinno dhoronor likhok aru likhikar shadukotha,Uponash chutigolpa eittdi grohontho powa jai.ai grohontho bor pori ami shobhoy aru shikhit shomaz ghor loi uthat ek bishekh mela.grohontho hol giyanor bhandar.grohontha mela adhunik shomaz r babe ek oporihajoy Anuthan.bishor praybor sobhoy deshte e jonopiro hoi porise.D.Bupen hazarikar gitor ek bishike prodhainno diya hoise grohontho melat.Akhomot eiyar prosar ghotise.kintu borthoman shomayat nobo projonmoh hokole grohontho melar kitap bor pora huna kora komai dise.shihote Mobile t game, youtube,twitter,facebook,whatapps,computer adhir logat joritho thokar babe grohontho melar chahida komi goise.

    ReplyDelete
  7. Arjina parbin. Bongaigoan
    1, এই পাঠটোৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীক গ্ৰন্থৰ প্ৰয়োজন সম্পৰ্কে জ্ঞান দিব পাৰো।
    2, মানবীয় মূল্যবোধ আহৰণ কৰিব পাৰো।
    3, গ্ৰন্থ পঢ়াৰ আনন্দটো গ্ৰন্থমেলা ৰ জৰিয়তে দিব পাৰো।
    4,সভ্য আৰু শিক্ষিত সমাজ গঢ়াৰ বাবে গন্থৰ প্ৰয়োজন।
    5, মেলা আৰু গ্ৰন্থ মেলাৰ মাজত পাৰ্থক্য বুজিব পাৰি।
    6, গ্ৰন্থৰ জৰিয়তে পৃথিৱীৰ সকলো দেশতৰ সভ্যতা সংস্কৃতিৰ, সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সম্পৰ্কে জ্ঞান লাভ কৰিব পাৰিব।
    7, গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনতা অনুভৱ কৰা যায়।
    8, গ্ৰন্থ হ'ল জ্ঞানৰ ভাণ্ডাৰ।
    9, গ্ৰন্থ মেলা আধুনিক সমাজৰ বাবে এক অপৰিহাৰ্য অনুষ্ঠান।
    10, গ্ৰন্থ পঢ়াৰ প্ৰতি ৰাপ বৃদ্ধি কৰা ৰ উদ্দেশ্য সফল হ'লে সাহিত্য আন্দোলনৰ নিজ লক্ষ্যত উপনীত কৰাব পাৰিব।

    ReplyDelete
  8. Goalpare
    l8/06/202l
    Grohunta mela
    Grohunta mela ak ohistaye onushtan aye mela tin patere hoja onushtan. Eayth bi bi thoronur kitab powa jaye golpor kitab, natokor kitab, uponash, ganor kitab ettade. Kitab bore Ami pori bohut giyen love koribo pare. Grohunta mela hodaye ake jagath nathake. Bortoman jugoth shikhito homaje grohunta melar kitab kom pore bortoman jugoth mobile, leptop, fecbok ade .here babe grohunta melar chahida kome goise.

    ReplyDelete
  9. Shahinur Islam, Bongaigaon
    "গ্ৰন্থমেলা" গল্পটোৰ জৰিয়তে আমি গ্ৰন্থমেলাৰ গুৰুত্ব সম্পৰ্কে জানিব পাৰিছোঁ । আধুনিক সমাজ গঠনৰ ক্ষেত্ৰত গ্ৰন্থমেলাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে । গ্ৰন্থমেলাই মানুহক কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহী কৰে।গ্ৰন্থমেলাৰ জৰিয়তে বহুতো মূল্যবান কিতাপ আমাৰ বাবে উপলব্ধ হয় । আমি গ্ৰন্থমেলাৰ জৰিয়তে বহুতো জ্ঞানী গুণী মানুহৰ জীৱনীৰ সম্পৰ্কে জ্ঞান আহৰণ কৰিব পৰোঁ । আৰু গ্ৰন্থমেলাৰ জৰিয়তে গল্প, উপন্যাস, নাটক আৰু আলোচনী আদিৰ বিষয়ে জ্ঞান আহৰণ কৰিব পৰোঁ ।

    ReplyDelete
  10. পুৰবী পাঠক ।
    জিলা - বঙাইগাঁও ।
    'গ্ৰন্থমেলা' শীৰ্ষক গল্পটোৰ
    মুল ভাৱ এনেধৰণৰ ।
    ১। গ্ৰন্থ হল জ্ঞানৰ ভঁৰাল ।
    ২। গ্ৰন্থ অবিহনে যে জ্ঞান আন্ধাৰ
    এই কথা সত্য ।
    ৩। গ্ৰন্থ মেলা নাপাতিলে বহু
    কিতাপৰ নাম নজনাকৈয়ে
    লুপ্ত হৈ থাকিব ।
    ৪। জনসমাগমৰ মাজত নতুন
    'গ্ৰন্থ ' উন্মোচন কৰিবলৈ হলে
    গ্ৰন্থমেলা উপযোগী ।
    ৫। মেলা মানেই বেচা - কিনা
    আৰু আমোদ - প্ৰমোদৰ
    এক অস্হায়ী অনুষ্ঠান বুলি
    ভাবি নিজক পাহৰি
    গ্ৰন্থমেলাৰ মোল নুবুজাকৈ
    শিষ্টাচাৰ ভঙ্গ কৰাটো যে
    কিমান লজ্জাজনক ।
    ৬। মেলা মানে যে ধৰ্ম মেলা,
    বাণিজ্য মেলা, বস্ত্ৰ মেলা,
    কৃষি মেলা, খাদ্য সামগ্ৰী
    মেলাই যে উপযোগী তেনে
    নহয়। সমাজ সুস্থ আৰু
    সৱল হবলৈ হলে গ্ৰন্থমেলা
    খুবেই প্ৰয়োজন ।
    ৭। অলাগতিয়াল খৰচ কৰাত
    আপত্তি নথকা অথচ গ্ৰন্থ
    মেলাৰ পৰা গ্ৰন্থ এখন কিনাত
    হিচাপি হোৱা । পিছত পাব নে
    নাই চিন্তা নকৰা ।
    ৮। গ্ৰন্থ মেলা কি তাৰ মোল
    নুবুজাকৈ আগ্ৰহী লগৰীয়াৰ
    লগত গৈ আমনিদায়ক
    পৰিবেশৰ সৃষ্টি কৰা ।
    ৯। বৰ্তমানৰ নৱ প্ৰজন্মই যে কিছু
    মান আচহুৱা কাৰ্য্য কলাপত
    আকৃষ্ট হৈ গ্ৰন্থ পঢ়া বাদেই গ্ৰন্থৰ
    নাম নজনা বাবেই গ্ৰন্থ মেলাৰ
    প্ৰয়োজন।
    ১০। ভূপেন হাজৰিকাৰ গীতৰ দ্বাৰা
    যে কিছু শব্দৰ ছন্দময়
    সংযোজন আৰু উচ্চাৰণ আদিৰ
    বৈশিষ্ট্য শুনি বুজিব পৰা লগতে
    গ্ৰন্থ পঢ়াৰ প্ৰতি ৰাপ বৃদ্ধি কৰাৰ
    উদ্দেশ্যই হল গ্ৰন্থমেলা ।




    ReplyDelete
  11. "গ্ৰন্থ মেলা" নামৰ গল্পটিৰ জৰিয়তে গল্পকাৰে আধুনিক সমাজ ব্যৱস্থাৰ উদাসীনতা দাঙি ধৰাৰ চেষ্টা কৰিছে৷ আধুনিক সমাজখন লক্ষ্য বিহীন ভাৱে পাশ্চাত্য সভ্যতাৰ অনুসৰণ কৰি স্ব-সভ্যতাক বিসৰ্জন দিয়া পৰিবেশ সৃষ্টি কৰিছে। গল্পকাৰে আধুনিক সভ্যসকলোৰ অধ্যয়নৰ চাহিদা নথকা, সংস্কৃতিৰ নামত অপ্ৰাসংঙ্গিক ৰীতি প্ৰচলন আৰম্ভ কৰাকে ধৰি বিজ্ঞ সকলক মূল্যায়ন কৰাত ব্যৰ্থ হোৱা সমাজ এখনৰ প্ৰতিচ্ছবি উপস্থাপন কৰিছে। আধুনিক সন্তান-সন্ততি সকলে অভিভাৱকৰ আশা-আকাঙ্খা ধ্বংস কৰিবলৈ কুণ্ঠাবোধ নকৰা হৈছে। অৱশ্যে অভিভাবক সকলেও সিহঁতক নৈতিক শিক্ষাৰ পাঠ নিদিয়াৰ বাবে জগৰীয়া কৰিছে। শেষত, সূস্থ্য-সবল সমাজ এখন গঢ়িবলৈ মহৎ লোকৰ আদৰ্শ অনুকৰণ ও গ্ৰন্থ অধ্যয়ন কৰাৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ বুলি দাবী কৰিছে।
    মেহেজবীন হুছাইন,
    বঙাইগাঁও।

    ReplyDelete
  12. গ্ৰন্থমেলা'' নামৰ পাঠটো পঢ়ি আমি বহুতো কথাই উপলব্ধি কৰিলো যে,সমাজবোৰ সুস্থ -সবল আৰু প্ৰগতিশীল কৰিবলৈ আটাইতকৈ বেছি প্ৰয়োজন হ'ল গ্ৰন্থমেলাৰ । কাৰণ গ্ৰন্থ হ'ল জ্ঞানৰ ভাণ্ডাৰ। কিন্তু দেখা যায় বাণিজ্য মেলা বা বস্ত্ৰ মেলাত যিদৰে বেচা- কিনা হয় সেই অনুপাতে গ্ৰন্থ মেলাৰ অৱস্থা অতি শোচনীয়। ইয়াত খুব কম সংখ্যক মানুহ কিতাপ কিনিবলৈ আহে, কিছুমান মানুহ আকৌ ভদ্ৰতা ৰক্ষাৰ্থে কিতাপ কিনে। গ্ৰন্থ মেলাত বেছি ভাগ মানুহ আহে সময় অতিবাহিত কৰিবলৈ আৰু আধুনিকতা প্ৰকাশ কৰিবলৈ। আধুনিক পৰম্পৰা আৰু প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত মানুহে কিতাপ পঢ়াৰ প্ৰতি অমনযোগী হৈছে। অধিকাংশ লোকেই এতিয়া মোবাইল,লেপটপ, ফেচবুক, টুইটাৰ, ইন্টাৰনেট আদি ব্যৱহাৰ কৰি মনৰ খোৰাক যোগায় ফলত কিতাপ পঢ়াৰ প্ৰতি আকৰ্ষণ নোহোৱা হৈছে।
    Firoja khatun

    ReplyDelete
  13. মানৱ সভ্যতাৰ অতুলনীয় সৃষ্টিৰাজি হৈছে গ্ৰন্থ ৷ গ্ৰন্থই সৃষ্টিশীল মানুহৰ অনুভূতি, চিন্তা, কাৰ্য আদিৰ বিৱৰণ চিৰকাললৈ সাঁচি ৰাখিব পৰা আহিলা ৷গ্ৰন্থই হৈছে জ্ঞানৰ ভৰাঁল ৷
    "গ্ৰন্থমেলা" শীৰ্ষক গল্পটোৰ জৰিয়তে ভবিষ্যত প্ৰজন্মৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ ৷ আজিৰ দিনত গ্ৰন্থমেলাৰ পৰা কিতাপ কিনি আনি পঢ়া মানুহৰ সংখ্যা খুবেই কম তাৰেই আলমত গল্পটিত বহুখিনি দিশ ব্যক্ত কৰা হৈছেঃ
    সাম্প্ৰতিক সময়ত গা কৰি উঠা ইণ্টাৰনেটৰ ব্যৱহাৰে নৱপ্ৰজন্মক আনন্দদায়ক তৃপ্তি যোগায় ৷ যাৰ ফলস্বৰূপে দিনক দিনে গ্ৰন্থৰ ব্যৱহাৰ আৰু মানসিকভাৱে ধৈৰ্য্য কমি অহা পৰিলক্ষিত হৈছে ৷
    অধ্যয়নৰ বাবে গাৱঁৰ শ-শ ল’ৰা-ছোৱালীয়ে নগৰমুখী হয় ৷ কিছু সংখ্যক ল’ৰা-ছোৱালীয়ে অধ্যয়নক দ্বিতীয় স্থানত ৰাখি জীৱনৰ সৰহ সংখ্যক সময় উপভোগৰ নামতেই কটায় ৷
    গল্পটিত সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ
    কালজয়ী গীতবোৰ ভবিষ্যত প্ৰজন্মৰ বাবে প্ৰাসংগিক হৈ ৰ’ব বুলি উল্লেখ কৰিছে ৷
    গ্ৰন্থহে এখন সমাজক সুসংগঠিত কৰাত সহায় কৰে ৷ গ্ৰন্থই হ’ল জ্ঞান বৃদ্ধিৰ এক অপৰিহাৰ্য অংগ স্বৰূপ ৷সেয়েহে গ্ৰন্থমেলাৰ নিত্যান্তই প্ৰয়োজন ৷

    বদিউৰ জামান(নলবাৰী)

    ReplyDelete
    Replies
    1. সুন্দৰ উপস্থাপন।

      Delete
  14. This comment has been removed by the author.

    ReplyDelete
  15. This comment has been removed by the author.

    ReplyDelete
  16. মৌচুমী হালৈ
    নলবাৰী জিলা

    'গ্ৰন্থমেলা' শীৰ্ষক গল্পটোৰ সাৰাংশ...

    'গ্ৰন্থমেলা' শীৰ্ষক গল্পটোত উল্লেখ কৰা অনুসৰি সকলো মেলাৰ একো একোটা নিৰ্দিষ্ট বৈশিষ্ট্য আছে। উদাহৰণস্বৰূপে - বানিজ্য মেলা, বস্ত্ৰমেলা, কৃষি মেলা, গ্ৰন্থ মেলা ইত্যাদি। এই সকলো মেলাৰ নিজস্ব গুৰুত্ব তথা প্ৰয়োজনীয়তা আছে। এই গল্পটোত গ্ৰন্থ মেলাৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা হৈছে।
    ইয়াত গ্ৰন্থমেলা কি আৰু এই গ্ৰন্থ মেলা কেনেদৰে আয়োজন কৰা হয় সেই বিষয়ে আলোচনা কৰা হৈছে। লগতে এই গ্ৰন্থ মেলাই কেনেদৰে সাহিত্য আন্দোলনক নিজ লক্ষ্যত উপনীত কৰাব পাৰে সেয়া আলোচনা কৰা হৈছে। আকৌ আজিৰ যুগত পঢ়ুৱৈ সমাজৰ হাৰ কমি যোৱা, গ্ৰন্থ মেলাত গ্ৰন্থ কিনাতকৈ মানুহৰ সৌন্দৰ্য প্ৰতিযোগিতাতহে গুৰুত্ব আৰোপ কৰা দেখা গৈছে।
    এই গ্ৰন্থ মেলাৰ ভিতৰত সোমাবৰ বাবে লগা কুপনৰ পৰা চাহ-কফিৰ দোকান লৈকে, গ্ৰন্থৰ বিপনীৰ পৰা প্ৰকাশক বা আন সামগ্ৰীৰ বিজ্ঞাপন লৈকে কেনেদৰে ব্যৱসায় জড়িত হৈ আছে তাৰ এক সুন্দৰ ছৱি লেখকে দাঙি ধৰিছে। লগতে এই গ্ৰন্থ মেলাৰ বহু সংখ্যক লোকেই যে গ্ৰন্থ কিনাৰ বিপৰীতে মানুহৰ সমাগম আৰু পৰিৱেশ চাই সময় কটাই সেই বিষয়েও লেখকে অনুমান কৰিছে।
    ইয়াত উল্লেখ কৰা আন এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে আজিৰ এই আধুনিকতাৰ যুগত গ্ৰন্থ বা অন্য পঢ়া শুনাৰ পৰিৱৰ্তে টিভি, ইন্টাৰনেট, টুইটাৰ, ফেচবুক আদিৰ অধিক ব্যৱহাৰে মানুহৰ সময় অপচয় কৰাৰ লগতে মানবীয় মূল্যবোধৰ অভাৱ হোৱা দেখা গৈছে।
    এই গল্পটোত লেখকে ড৹ ভূপেন হাজৰিকা দেৱৰ উদাহৰণেৰে ক'ব বিছাৰে যে গুণী- জ্ঞানী সকলক সঠিক সময়ত সন্মান জনোৱাৰ পৰিৱৰ্ত্তে মৃত্যুৰ পিছতহে সকলোৰে সন্মান যঁচা ধাউতি বাঢ়ে।
    গাঁওৰ ল'ৰা - ছোৱালীবোৰে চহৰৰ কলেজলৈ পঢ়িব আহি কিছুসংখ্যকে মাক দেউতাকৰ ধন জধে মধে খৰচ কৰি জীৱনটো উপভোগ কৰিব লয়। যাৰ ফলত তেওঁলোকে আধাতে শিক্ষা সাং কৰি হাবুডুবু খাব লগা হয় আৰু ভৱিষ্যত জীৱনত গভীৰ সমস্যাত পৰিব লগা হয় ।

    ReplyDelete
  17. Name:- Mohela Khatun
    Dist:- Bongaigaon


    গ্ৰন্থমেলা আচলতে কিতাপ‌-পত্ৰ বিক্ৰী কৰা মেলা বা অনুষ্ঠান। গ্ৰন্থ হৈছে জ্ঞানৰ ভাণ্ডাৰ। গ্ৰন্থ অধ্যয়ন কৰি মূল্যবান জ্ঞান অৰ্জন কৰিব পাৰি। আমাৰ সমাজখন উন্নতিৰ পথত আগুৱাই নিয়াত গ্ৰন্থমেলাৰ অতি প্ৰয়োজন। কিন্তু এই মেলাক বিভিন্নজনে বিভিন্ন ধৰণে ব্যৱহাৰ কৰে। কিছুমান মানুহে ইয়াক মনোৰঞ্জোৰ ঠাই বুলি ভাবে। এচাম মানুহে কিতাপ পঢ়াৰ পৰিৱৰ্তে মোবাইল, ইণ্টাৰনেট আদিত ব্যস্ত থাকে। ইয়াৰ ফলত কিতাপ সমুহৰ বিক্ৰীৰ হাৰ কমি আহিছে। আৰু লিখক সকলৰ কিতাপ ছপোৱাৰ আগ্ৰহ কমি গৈছে।ইয়াৰ সঠিক ব্যৱহাৰ হ'লেহে আমাৰ সমাজ বা দেশ উপকৃত হ'ব। লগতে গ্ৰন্থ মেলাও চিৰ যুগমীয়া হৈ থাকিব।

    ReplyDelete
  18. আজিৰ ভাষা শিক্ষণ কৰ্ম শালাত তলত দিয়া বিষয় সমূহ আলোচনা কৰা হয়। (১) শব্দৰ বানান ভূল সৰ্মকে (২) বাক্যৰ বাব্যৱহাৰ (৩) সম উচ্চৰাৰিত শব্দৰ পাৰ্থক্য (৪) যতি চিহ্নৰ ব্যৱহাৰৰ।(৫) অভিধান সৰ্মকে ।

    ReplyDelete
  19. Saddam Hussain.from Bongaigaon
    ১, কিতাপৰ সলনি বেলেগ বেলেগ বস্তু বিক্ৰী বেছি ভাগ হয়
    ২,যুৱ চামে গ্ৰন্থ মেলাক সময় কটোৱাৰ বাবে ব্যৱহাৰ কৰে
    ৩,মানুহে গ্ৰন্থ মেলাত কিতাপৰ সলনি বেলেগ বস্তু বিক্ৰী বা কিনিব লৈ যায়
    ৪, কিছুমান মানুহে ধনাট্যৰ প্ৰমাণ কৰিবলৈ যোৱা যেন লাগে
    ৫, কিছু দিন পিছত গ্ৰন্থ মেলা নামটো ইতিহাস হৈ ৰব

    ReplyDelete
  20. গ্ৰন্থ মেলা নাম ৰ চুটি গল্পটো পঢ়ি মই যিখিনি বুজি পালোঁ সেইখিনি তলত চমুকৈ এনেদৰে লিখিলো""""""""""""""""""""""""""""""""""""""""""""

    এজন মানুহ গ্ৰন্থ মেলাত গলে কেৱল গ্ৰন্থ কিনিবলৈয়ে নাযায় ব্যক্তিভেদে পয়োজনীতা বেলেগ বেলেগ হব পাৰে। যেনে কিছুমানে মানুহৰ সমাগম কিমান হৈছে তাক চাব জায়,কিছুমানে আকৌ আকৰ্ষণীয় বস্ত কিবা আছে নেকি তাক ছাব জায়।
    বৰ্তমান সময়ৰ মানুহে বোৰে গ্ৰন্থ নপৰি বেছি মায়ে মবাইল, লেপটপ লৈ ব্যস্ত থাকিব বেছি ভাল পাই বিশেষকৈ কিছুমান ছাত্ৰ ছাত্ৰীয়ে লিখা- পঢ়া বাদ দি মবাইলৰ গেম আৰু ফেচবুক লৈ বেছিকৈ ব্যস্ত হৈ পৰিছে ত্ৰ ছাত্ৰীয়ে পঢ়া দেখা যায়। আৰু মাক- দেউতাকে কিমান কষ্ট কৰি টকা উপাৰ্জন কৰে সেইটো অলপও অনুভব নকৰে আৰু যধে- মধে মাক- দেউতাক পইচা বিলাক নষ্ট কৰি থাকে।

    ReplyDelete
  21. তাইজুদ্দিন আহমেদ
    কামৰূপ
    গ্ৰন্থমেলা বুলিলে সাধাৰণতে য'ত পঢ়ুৱৈ সমাজৰ কাৰনে বিভিন্ন বিষয়ৰ কিতাপ, ছাত্ৰ সমাজৰ কাৰনে কিতাপৰ লগতে বিভিন্ন শিক্ষন সামগ্ৰীৰ ক্ৰয়-বিক্ৰয় হয় সেইটোকে বুজা যায়। গ্ৰন্থমেলা হৈছে এনে এটা অনুষ্ঠান য'ত সভ্য সমাজৰ কিছুমান বুদ্ধিজীৱী তথা শিক্ষিত ব্যক্তিৰ সমাগমদেখা যায়।ঞ্জান বৃদ্ধিৰ ক্ষেএত গ্ৰন্থ মেলাই এক গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰি আহিছে। সমাজত ধনাত্মক বাতাবৰণ সৃষ্টি কৰাত গ্ৰন্থ মেলাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গ্ৰন্থ হ'ল ঞ্জানৰ ভৰাল। গতিকে গ্ৰন্থ মেলাৰ জৰিয়তে এখন পঢ়ুৱৈ সমাজৰ সৃষ্টি কৰি এখন সমাজ সু পথেৰে আগুৱাই লৈ যাব পাৰি।

    ReplyDelete
  22. নাম :- ছাদ্দাম হুছেইন
    জিলা :- বঙাইগাঁও ।
    উল্লেখিত গ্ৰন্থ মেলা নামৰ চুটি গল্প টোৰ পৰা বহুতো কথা জানিব পাৰিলো ।
    উল্লেখ কৰা মতে , সভ্য আৰু শিক্ষিত সমাজ গঢ়লৈ উঠা এক বিশেষ মেলা গ্ৰন্থ হʼল জ্ঞানৰ ভাণ্ডাৰ । গতিকে গ্ৰন্থমেলা আধুনিক সমাজৰ বাবে এক অপৰিহাৰ্য্য অনুষ্ঠান । গতিকে আমি যিমানেই কিতাপ পঢ়িব পাৰিম সিমানেই আমাৰ জ্ঞান বৃদ্ধি হ'ব ।
    আমি গ্ৰন্থ মেলাৰ জৰিয়তে বিভিন্ন ধৰণৰ আৰু চাহিদা অনুযায়ী কিতাপ বোৰ কিনিব । কিন্তু সাধাৰণতে দেখা যায় আমি গ্ৰন্থ মেলাত যায় মেলাৰ সোন্দৰ্য্য নষ্ট কৰি থাকো।যি উদ্দেশ্য পতা হয় সেই উদ্দেশ্যে সফল নহ'য় ।
    আমাৰ সমাজ খন শিক্ষিত কৰিবলৈ স্কুল কলেজৰ লগতেও গ্ৰন্থ মেলাৰো ওপৰত গুৰুত্ব দিব লাগিব।

    ReplyDelete
  23. I have read the full story. Yes. Now a days this is a burning issues .
    Mostly responsible I think this is an impact western culture on our society and we have been depending on Mobile Phone too much. So, we have to change this kind of behaviour .

    ReplyDelete

Post a Comment

Popular posts from this blog

DEREK- a village full of greenery

মোৰ গাওঁ