চৰাই চাওঁ আহা
এই বিনন্দীয়া পৃথিৱীখনত চৰাইৰ ভূমিকা অতুলনীয়। চৰাই বিহীন অঞ্চল এটা আমি কল্পনা কৰিব নোৱাৰোঁ। যতে চৰাইৰ বিচিত্ৰতা আৰু প্ৰাচুৰ্যতা অধিক সেই এলেকাটাত জৈব-তন্ত্ৰ (Eco-System) আৰু বাসপোযোগীৰ কাৰণে অধিক উপযোগী।
এতিয়া চৰাই পৰ্যবেক্ষণ কৰা মৌলিক কথা বোৰোলৈ আহোঁ- চৰাই চোৱাৰ কাৰণে জংঘল বা হাবিলৈ যে যাব লাগিব তেনেকুৱা নহয়। প্ৰথমতে আমি নিজৰ ঘৰৰ চৌহদৰ পৰা আৰম্ভ কৰিব লাগে। আমি যদি মন কৰোঁ আমাৰ ঘৰৰ চৌহদতে বিভিন্ন প্ৰজাতিৰ চৰাই আহে। গাওঁ অঞ্চলত এই সংখ্যা সাধাৰণতে বেছি হয় কাউৰী, বুলবুলি, সখীয়তি, কপৌ, শালিকা, মৌ-পিয়া, হেটুলুকা, কুলি, ফেচুঁ, দহিকতৰা, ডাউক, কেতেকী, ভাটৌ, কোকলোঙা, চেকচেকী, কাকৈ-শিৰা, ঘনচিৰিকা আদি চৰাইবোৰ অতি সহজে আমি আমাৰ ঘৰৰ চৌহদ বা আমি থকা ঠাইৰ ওচৰে-পাজঁৰে প্ৰত্য়ক্ষ কৰি থাকোঁ দৈনন্দিন।
প্ৰতিটো চৰাইৰ দৈহিক গঠন, গাৰ ৰং, মাত, উৰণ-কৌশল বেলেগ-বেলেগ। প্ৰতিটো চৰাই আহাৰ গ্ৰহণ কৰা পদ্ধতি, বাসস্থান ভিন্ন। এই ভিন্নতাই প্ৰকৃিতত বেলেগ ধৰণৰ বিচিত্ৰতা প্ৰদান কৰিছে। এইবোৰ আমি সুক্ষ্ম ভাৱে পৰ্যবেক্ষণ কৰিলে প্ৰতিটো চিনাকি চৰাই আমাৰ আগত নতুনকৈ ধৰা দিব।
ঘৰৰ চৌপাশৰ চৰাই পৰ্যবেক্ষণ কৰা পিছত, সেইবোৰৰ বিচিত্ৰতা টুকি লোৱাৰ পিছত আমি অলপ দূৰলৈ চৰাই চোৱা যোৱা উচিত। নৈ, খাল, বিল, হাবি, জংঘল, পথৰ দাঁতিত থকা গছ, পথাৰ সকলোতে চৰাই পৰ্যবেক্ষণ কৰিব পাৰি।
চৰাই পৰ্যবেক্ষণৰ সময়ত আমি যি দেখিলো তাক নিজৰ ভাষাত বুজাকৈ বহীত টুকি লোৱােটা অতি দৰকাৰী। ই আমাক পিছলৈ বহুত সহায় কৰে। চৰাই পৰ্যবেক্ষণ কৰাৰ পিছত বহীত লিখি লব লগা প্ৰধান কথা বোৰ হৈছে-

চৰাইটোৰ গাৰ ৰং, ঠোঁটৰ বৰণ, চকুৰ মণিৰ ৰং, মাত। চৰাইটো অকলশৰীয়াকৈ আছিল নে জাকত আছিল। চৰাই দেখাৰ স্থানটোৰ বিবৰণ, গছত যদি দেখিছিলা গছডালৰ নাম। খাই থকা অৱস্থাত দেখিলে, কি খাই আছিল, ঠেঙৰ গঠন। এটা ঠাইত অলপ সময় বহি থাকে নে দুই তিনি ছেকেণ্ডৰ পিছে পিছে উৰি থাকে। চৰাইটো মতা নে মাইকী। লগতে বহীত চৰাই পৰ্যবেক্ষণৰ সময় দুপৰীয়া নে গধূলি, ৰাতিপুৱা নে ৰাতি আৰু তাৰিখ লিখিবলৈ পাহৰিব নালাগে। প্ৰতিটো চৰাইৰ সুক্ষ্ম বিৱৰণে আমাক চৰাইটোৰ প্ৰতি অধিক জ্ঞাত কৰি তোলাৰ লগতে প্ৰকৃিতৰ প্ৰতি আৰু আকৃষ্ট হবলৈ শিকায়।
চৰাই পৰ্যবেক্ষণৰ সময়ত অকলশৰীয়াকৈ বা দল গলেও চুপচাপ থাকি পৰ্যবেক্ষণ কৰা উচিত। তেতিয়া সুফল পোৱা যায়। বাইৰ্নকুলাৰ, চৰাই সম্বন্ধীয় এখন কিতাপ লগতে নোটবুক আৰু কলম থকাটো জৰুৰী।
চৰাই প্ৰীতি আৰু চৰাইৰ অধ্যয়নে আমাক প্ৰকৃতিৰ প্ৰতি একাত্ম হবলৈ শিকায়। প্ৰকৃতিক ওচৰৰ পৰা অনুভৱ কৰিবলৈ সুযোগ দিয়ে। প্ৰকৃতিৰ কাৰণে আমাৰ কৰণীয় কি, প্ৰতিবাৰ চৰাই পৰ্যবেক্ষণে আমাক শিকায় যায়। মনক প্ৰশান্তি দিয়ে। সহনশীলতা বঢ়ায়। চৰাই চাবলৈ হলে খোজ কঢ়াটো অতি জৰুৰী। গতিকে ই আমাক সু-স্বাস্থ্য় কৰি তোলাত সহায় কৰে বুলি কব পাৰি।
চৰাইৰ বিষয়ে গবেষণা কৰা জনক Ornithologist বা পক্ষীবিদ বুলি কোৱা হয়। বিশ্বৰ এজন বিখ্যাত পক্ষীবীদৰ নাম হৈছে ভাৰতৰ ডঃ চেলিম আলী। এইবাৰলৈ ইয়াতে সামৰিলোঁ, এমুঠি সেউজ আশাৰে।
কুলদীপ দাস
চৰাইৰ ৰক্ষণাবেক্ষণ দিয়া প্ৰতি জন মানুহৰ দায়িত্ব বুলি ভাবোঁ
ReplyDeleteVery Good. I shall also try to watch the birds around me.
ReplyDeleteKuldeep da very nice👌
ReplyDeleteGot to know some unknown things. Really liked the article. Hope we can get some more to read.
ReplyDelete