অনাথ শিশুৰ সুৰক্ষা
দিল্লী পুলিচে প্ৰচাৰ কৰা এই বিজ্ঞাপনটি তাৎপৰ্যপূৰ্ণ ।
কোভিদ ১৯ ৰ ভয়াবহ এক
পৰিণাম হৈছে- ই যথেষ্ট সংখ্যক শিশুক অনাথ কৰিছে। অসমকে ধৰি বিভিন্ন ৰাজ্য চৰকাৰে
এনে শিশুসকলৰ বাবে বিভিন্ন সহায় সাহায্যৰ কথা ঘোষণা কৰিছে। তদুপৰি বিভিন্ন ব্যক্তি
বিশেষেও এনে শিশুসকলক সহায় কৰিবলৈ আগবাঢ়ি অহা দেখা গৈছে। আজিৰ এই দুৰ্যোগৰ পৰিস্থিতিত
এয়া নিশ্চিতভাৱে আনন্দৰ কথা। কিন্তু আমি এইটোও মনত ৰখা উচিত যে কিছুমান দুষ্ট প্ৰকৃতিৰ
লোকে এই শিশুসকলৰ অসহায় অৱস্থাৰ সুযোগ লৈ পোহপাল দিয়াৰ নামত তেওলোকক ঘৰত কাম কৰা “বন্ধা”
বা “চাকৰ” হিচাপে নিয়োগ কৰিব পাৰে। আনকি
তেওলোক দুষ্ট চক্ৰৰ কৱলত পৰি ভয়াবহ বেশ্যাবৃত্তিৰ দালালৰ হাতত পৰিবগৈ পাৰে। অনাথ বা
দৰিদ্ৰ শিশুৰ ক্ষেত্ৰত এনে ঘটনা আগতে ঘটিয়েই থাকে। সেয়েহে শিশুক তুলি লোৱা বা দত্তক
লোৱা ( adoption) ৰ ক্ষেত্ৰত চৰকাৰে আইন প্ৰণয়ন
কৰিছে। এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰণালয়ৰ অধীনস্থ Central Adoption Resource Authority (CARA, ৱেব চাইট: http://cara.nic.in/ ) ই নীতি নিৰ্দেশনা
দিয়ে। বিভিন্ন জিলাত এই প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়োৱাৰ বাবে কিছুসংখ্যক নিৰ্বাচিত
বেচৰকাৰী সংস্থাকো চৰকাৰে দায়িত্ব দিছে। উদাহৰণস্বৰূপে নলবাৰীৰ গ্ৰাম্য বিকাশ মঞ্চ
(GVM) এনে এটি সংস্থা।
ফেচবুকত বহুতো ব্যক্তিয়ে
এনে অনাথ শিশুক তুলি লোৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰা দেখা গৈছে। আশাকৰো তেখেতসকলে এই আইনী
প্ৰক্ৰিয়া অৱলম্বন কৰিব। মনত ৰাখিব যে আইনী প্ৰক্ৰিয়া অৱলম্বন নকৰাকৈ শিশুক তুলি
লোৱাটো আইনৰ দৃষ্টিত অপৰাধ।
দিল্লী পুলিচে এই ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই বিজ্ঞাপনটি প্ৰচাৰ কৰিছে। এনেধৰণৰ প্ৰচাৰ আমাৰ ইয়াতো প্ৰয়োজন বুলি ভাবো।
কন্দৰ্প কলিতা
Good
ReplyDeleteহ'য় এনেকুৱা সমস্যা হৈ আছে ।
ReplyDeleteগতিকে আমাৰ সৰ্তক হব লাগিব যাতে আমাৰ সমাজত ইয়াৰ প্ৰভাব নপৰে ।
Good information🙏
ReplyDeleteGood information
ReplyDelete