শ্ৰদ্ধেয় সহকৰ্মীবৃন্দ,

আজিৰ ভাষা শিক্ষণ কৰ্মশালাৰ পিছত তলত দিয়া বিষয়ত প্ৰত্যেক অংশ গ্ৰহণ কাৰীয়ে প্ৰতিটো বিষয়ত ১০ টাকৈ বাক্য লিখক। নিজৰ নাম, জিলা লিখিব।

১। আজিৰ কৰ্মশালাত কি কি শিকিলে ?

২। শিক্ষকঅসকলে আমাৰ বিদ্যালয়সমূহত ইংৰাজী শিকোৱাত কি কি অসুবিধা পায় ?


ইয়াৰ কমেণ্ট হিচাপে ইংৰাজী বা অসমীয়াত  লিখিব পাৰিব।

কন্দৰ্প কলিতা

১০/৬/২১

Comments

  1. Replies
    1. Name:-Mohela Khatun, Dist:- Bongaigaon
      1.আজি আমি শিকা বিষয় সমূহ হ'ল-
      ১/ পাঠ এটা আমি কেনেদৰে ভালকৈ শিকাব পাৰো।
      ২/ গল্পৰ সহায়ত আমি কেনেকৈ শিকাব পাৰো।
      ৩/ পাঠ এটাৰ পৰা আমি Grammar কেনেকৈ শিকাব পাৰি।
      ৪/ শব্দৰ গঠন কেনেকৈ শিকাব পাৰি।
      ৫/ বিভিন্ন TLM ৰ সহায়ত শিকাব পাৰি।
      ৬/ ছবি চাৰ্টৰ সহায়ত শিকাব পাৰি।
      ৭/ দুৰ্যোগৰ সময়ত মানু্হ আৰু আন প্ৰানীৰ প্ৰতি দয়াশীল হোৱা।
      ৮/ শব্দৰ অৰ্থ শিকা।
      ৯/ ছাত্ৰ-ছাত্ৰীক প্ৰশ্ন কৰা।
      ১০/ ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিযোগিতা পাতাল।



      2. ইংৰাজী শিকোৱাৰ অসুবিধা সমুহ হ'ল-
      ১/ আমাৰ মাতৃভাষা অসমীয়া হোৱাৰ বাবে।
      ২/ ইংৰাজী ভাষাৰ প্ৰতি অমনোযোগী হোৱাৰ বাবে।
      ৩/ ধ্বনি সচেতনতাৰ অভাৱ।
      ৪/ ইংৰাজী বিষয়ত সুদক্ষ্য শিক্ষক নথকাৰ বাবে।
      ৫/ ইংৰাজী বিদেশী ভাষা বুলি ভবা।
      ৬/ উপযুক্ত TLM ৰ অভাৱ।

      Delete
    2. Name:- Samiya Khatun.
      Dist:- Bongaigaon
      1.Ajir kormo halat ami hika bikhoy hmuh hol-
      (a)Path porikolpona ghothon kora
      (b) Sobi dakhai prosno kra
      (c) Hothik hobdora khali thai pur kra
      (d) bakko gothon kora
      (e) Hobdor aortho likha
      (f) Aka artho bujowa hobdor logot milowa
      (g) Khoti grostho manuhok hohay kora
      (h) Anoki bipodot pora hokolo jib jontuk hohay kora
      (i) Ahohay manuhok hohay kora
      (j) Mowkhik vaba prosno kra


      2. School t hikhoka engraji vaxa hikowar ohubida hol-
      (a) Borno hikowat okhubida
      (b) Matri bhaxa axomiya howa baba engraji vaxa hikowat okhubida
      (c) Banan krat okhubida
      (d) Hobdor ussaron korat okhubida
      (e) Engraji vaxa bor bidakhi howa baba
      (f) Upojukto TLM nothokar baba
      (g) Proshixon prapto hikxok nothokar baba
      (h) Dhoni hosanotar ovab

      Delete
    3. Name:-HAFIZUR RAHMAN, from - Bongaigaon
      1. আজি আমাক Workshop ত বহুত ভাল ভাল কথা শিকালে ।ছাএ ছাএী সকলক শিকার প্রতি কেনেকৈ উপযোগী আরু মনোগাহী করি তুলিব পারি তার কিছু আভাস আজি পোৱা গল ।এখন বিষয়র ওপরত ছাএ ছাএীক কেনেদরে শিক্ষা দিলে ভাল হব বা ছাএ ছাএীর অভিজ্ঞতা বাঢিব তার প্রতি আমি সজাগ হব লাগিব ।
      2.ইংরাজি শিক্ষার ক্ষেএত শিক্ষক সকলে ইংরাজি শিকোৱত বহুত অসুবিধার সম্মুখীন হয় ।যিহেতু আমার মাতৃভাষা হল অসমীযা ।সেইভাবে ইংরাজি বিষয়টো ভালকৈ বুজোৱাত শিক্ষক সকলে অসুবিধা অনুভব করে ।তার ফলত আমার ছাএ ছাএী সকল ইংরাজি শিকাত পিছপরা ।

      Delete
  2. Replies
    1. আজি আমাক Workshop ত বহুত ভাল ভাল কথা শিকালে ।ছাএ ছাএী সকলক শিকার প্রতি কেনেকৈ উপযোগী আরু মনোগাহী করি তুলিব পারি তার কিছু আভাস আজি পোৱা গল ।এখন বিষয়র ওপরত ছাএ ছাএীক কেনেদরে শিক্ষা দিলে ভাল হব বা ছাএ ছাএীর অভিজ্ঞতা বাঢিব তার প্রতি আমি সজাগ হব রাগিব ।
      2.ইংরাজি শিক্ষার ক্ষেএত শিক্ষক সকলে ইংরাজি শিকোৱত বহুত অসুবিধার সম্মুখীন হয়। যিহেতু আমার মাতৃভাষা হল অসমীযা । সেইভাবে ইংরাজি বিষয়টো ভালকৈ বুজোৱাত শিক্ষক সকলে অসুবিধা অনুভব করে। তার ফলত আমার ছাএ ছাএী সকল ইংরাজি শিকাত পিছপরা ।

      Delete
  3. ধুনীয়া হৈছে। সকলোৱে সক্ৰিয় ভাৱে অংশগ্ৰহণ কৰা কাৰনে অধিক ফলপ্ৰসূ হৈছে। লগতে প্ৰতিটো দলে নিজৰ কৰণীয় বোৰ কম সময়ৰ ভিতৰত উপস্থাপন কৰি শিকন প্ৰক্ৰিয়াটো মনোগ্ৰাহী কৰি তুলিছে।
    - কুলদীপ দাস

    ReplyDelete
  4. Replies
    1. শিক্ষকে শিক্ষার্থীক পাঠৰ পৰা কিছুমান শব্দৰ অৰ্থ লিখিব দিব। পাঠ পঢ়াৰ পিছত শিক্ষকে ছাত্র-ছাত্ৰীক প্ৰশ্ন কৰিব আৰু শিক্ষার্থীয়ে উত্তৰ দিবলৈ চেষ্টা কৰিব। পাঠত থকা শব্দবোৰ শুদ্ধকৈ সজাই লিখা বুলি শিক্ষার্থীক লিখিব দিব।
      (২)
      প্ৰাথমিক বিদ্যালয়বোৰত কিছু মান শিক্ষকৰ ইংৰাজীভাষাৰ উপৰত দক্ষতা নাই। তেওঁলোকে শিক্ষার্থীক পাঠৰ সম্পূর্ণ অৰ্থ বুজাবলৈ টান পায় লগতে TLM ৰ অভাব। ইয়াৰ উপৰিও শিক্ষার্থীৰ আখৰৰ অচিনাকি আৰু বানান কৰি পঢ়াৰ অসুবিধা।

      Delete
  5. Shahinur Islam, From Bongaigaon,
    ১- আমি কেনেকৈ ছাত্ৰ ছাত্ৰীক এখন বিষয়ৰ ওপৰত ভালকৈ শিক্ষা দিব লাগে আৰু কেনেকৈ ছাত্ৰ ছাত্ৰীৰ অৰ্হতা বঢ়া লাগে আৰু আৰু ছাত্ৰ ছাত্ৰীয়ে কিমান খিনি শিকিলে সেই বিষয়ত আমি পৰীক্ষা,
    চিত্ৰাংকন প্ৰতিযোগিতা পাতিব লাগে,
    ২- শিক্ষক সকলে ইংৰাজী ভাষাত শিক্ষা দিয়াৰ ক্ষেত্ৰত বহুতো অসুবিধাৰ সন্মুখীন হয় যেনে - ছাত্ৰ ছাত্ৰীৰ মাতৃভাষা অসমীয়া হোৱা বাবে, শিক্ষাৰ ক্ষেত্ৰত ভাল সুবিধা নথকাৰ বাবে, ইংৰাজী ভাষা শিকাৰ প্ৰতি আগ্ৰহ নথকাৰ বাবে আৰু কেতিয়াবা শিক্ষক এজন ইংৰাজী ভাষা সম্পূৰ্ণৰূপে নজনাৰ বাবে নানা ধৰণৰ অসুবিধাৰ সন্মুখীন হয়

    ReplyDelete
  6. NAME:-SOFIUR ROHMAN
    Dist:-Goalpara

    Aaji karmoshalat shika 10 ta baiko talat ullekh kora hol
    1.path porikolpona kora
    2.Sobi dekhiboli di question kora
    3.khali thai puron kora
    4.Durjokhg r time t manuhok hohai kora
    4.Durjokhg r time t kene kowa podekhib lobo pari
    5.Bakh rochana kora
    6.shobdor artho likha
    7.Mokhik question kora
    8.Sobir lagot shobdor artho milowa
    9.Pathot thoka shobdor anubad kora
    10.sudho ko bakho shoja

    shikhok shokole vidyala t engraji sikowat students borok kisuman ohubida hoi.ohubida humo talat ullakh kora hol.

    1.Engraji vakha bor bidesi vakha
    2.Amar Matri vakhar lagot engraji vakhar mil nothakar falot
    3.Khela-dular shamogri nothakar babe
    4.Engraji borno mala boro likhar babe smart board nothaka babe ohubida.
    5.projector nothakar babe ohubida.
    6.Fol,ful,jib-jontur chart nothakar ohubida.
    7.Manchitro nothakar babe ohubida
    8.Calendar nothakar falot ohubida.
    9.Bagisa nothakar falot engraji shikoyat ohubida.
    10.Path anujai TLM nothakar babe ohubida.

    ReplyDelete
  7. lutfurahmed147@gmail.com
    Village- Barigaon, Nalbari.
    This work shop is very very good and meaning full. I request to our authority to conduct like this work shop for us.it will be beneficial for us and improve our capabilities.
    Today I have learned about class five English language lesson number two and there learning outcomes. Special thanks to Janak Boro sir and your initiatives.

    ReplyDelete
  8. Name=Name shoriful Islam
    Dist=Goalpara
    Date lo /06/202l

    Agir karmoshalar shika dhiya lo ta bhaka tolot Alochona kora hol
    *part porikolpona kara.
    *Bhomikampor homoyet Ami ki ki koribo lage alochona kare.
    *shobdhu arthor bisoya alochona kora hoy.name
    *Kali thai puron kara bisoya alochona kora.
    *bhako rochonar bisoya alochona kora.
    *sobi dhakiboloi thi porosnu kara sobirpora.
    *bhakko tu sudhakoi likhar bisoya alochona kara.
    *sober lagat shobdhu miluwa.
    *Bhakatu protakha aru porokha ukti basis uliwa.
    *patoth thoka shobdhubur anubath kara.


    2. Shikak hakale bhidhaloyet Engragi shikuwat kisuman ohubida talat alochona kora hol.
    * Vidyalat upojukkta porimane TLM nathake.
    * borno shikoyat born or chart nathake
    * khal-demali r shamogori obab thakile
    * bagisa r obabot
    * black board nathakile engraji shikoyat ohubida
    *manchitro nothakar obabot
    *projector nothakar babe
    *amar matri bhakar lagot mil nothakar babe
    * engraji bhakha bidesi bhakha thokar babe
    * vidyala t calendar nathakile engraji shikoyat ohubida hoi.

    ReplyDelete
  9. The workshop was very useful for us. And I was glad to participate the workshop with all. We have got to learn a lot from the workshop such as how to prepare a lesson for teaching students, how to prepare activities based on the lesson, how we can teach to students simply and easily through preparing some activities, as well as during the time of teaching we have to mind of the learning outcome, and what types of assessment is best for students to know they understand or not the lesson. And the presentations of Everyone on activities preparation and learning outcomes are very helpful for all. also, I was happy to know everyone perspective on the lessons during teaching time.


    Most of the teacher are from Assamese medium so that they are facing some problems to teach English such as they have understood the lessons but they can't teach properly to the students. Due to lack of vocabulary of teachers, they can not make some sentences.


    Manoj Talukdar
    Baksa


    ReplyDelete
  10. ১.আজিৰ workshop তোৱে বহুখিনি কথাই শিকালে বাবেই ভাল লাগিল। ছাত্ৰ-ছাত্ৰী সকলৰ উপযোগী আৰু মনোগ্ৰাহী হোৱাকৈ কেনেদৰে শিক্ষা প্ৰদান কৰিব পাৰি তাৰ কিছু আভাস পোৱা গ'ল। বিশেষকৈ শিশুসকৰ পৰা আমি বিচৰা outcome ৰ ওপৰত নিৰ্ভৰ কৰি কেনেকৈ শিক্ষা প্ৰদান কৰিব লাগে তাৰ বিষয়ে জানিব পৰা গ'ল। ইয়াৰ উপৰিও assessment কৰোঁতে আমি কোনবোৰ দিশত অধিক গুৰুত্ব প্ৰদান কৰিব লাগে তাৰ বিষয়ে আজিৰ কৰ্মশালাতোৱে সুন্দৰকৈ শিকালে। আশা কৰিছোঁ আগন্তুক দিনত এনেকুৱা কৰ্মশালা পায় থাকিম।
    ২.বৰ্তমান সময়ত ইংৰাজী শিক্ষা এক বৃহৎ সমস্যা হিচাপে পৰিগনিত হৈছে।আমাৰ চৰকাৰী বিদ্যালয় সমুহত শিক্ষকসকল বিশেষ সমস্যাৰ সন্মুখীন হৈছে। ইংৰাজী বিষয়ৰ শিক্ষক নথকা বাবে বেলেগ বিষয়ৰ শিক্ষকে পাঠদান কৰিব লগা হোৱাত কথোপকথনৰ বাধাৰ সমস্যাৰ সৃষ্টি হয়।
    শেষত সন্মানীয় জনক বড়োদেলৈ আজিৰ এই কৰ্মশালাটোৰ বাবে বিশেষ ভাৱে ধন্যবাদ জ্ঞাপন কৰিলোঁ।

    তাইজুদ্দিন আহমেদ।
    জিলা: কামৰূপ

    ReplyDelete
  11. Saddam Hussain ২ from Bongaigaon,আজিৰ কৰ্ম শালাত কি শিকিলো
    1, ইংৰাজী ভাষা কিদৰে শিকাব পাৰো
    ২, লেছন প্লান কৰা
    ৩,শব্দ গঠন কৰা
    ৪,বাক্য গঠন কৰা
    ৫,ছবিৰে পাঠ শিকোৱা
    ৬,দূৰ্যোগৰ সময়ত সহায় কৰা
    ৭,দূৰ্যোগৰ সময়ত কি কি বস্তু বিতৰণ কৰিব পাৰি
    ৮,খালী ঠাই পূৰণ কৰা
    ৯,Grammar শিক্ষা
    ১০, অৰ্থ বুজি পঢ়া

    ইংৰাজী শিকোৱা ত অসুবিধা সমুহ হ'ল
    ১, উপযুক্ত শিক্ষক প্ৰশিক্ষণ ৰ অভাৱ
    ২,উপযুক্ত TLMৰ অভাৱ
    ৩, ছাত্ৰ ছাত্ৰী য়ে টান বুলি ভাবে
    ৪, ইংৰাজী বিদেশী ভাষা হিচাপে গণ্য কৰা
    ৫,অৰ্থ বুজি নাপায়
    ৬, ইংৰাজী উচ্চাৰণ কৰা টান
    ৭, অভিভাৱকৰ ইংৰাজী শিকোৱা ৰ প্ৰতি আগ্ৰহ নথকা






    ReplyDelete
  12. This comment has been removed by the author.

    ReplyDelete
  13. ১.
    ক) আজিৰ কৰ্মশালা খনৰ জৰিয়তে পঞ্চম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ ২নং পাঠটিত অন্তৰ্নিহিত হৈ থকা শিকনৰ ফলাফল সমুহ ভালকৈ অনুধাৱন কৰিছোঁ ৷
    খ) শিক্ষাৰ্থীৰ অৰ্হতা মূল্যায়ন কৰাৰ প্ৰক্ৰিয়াটো আৰু অলপ ভালকৈ শিকিব পাইছোঁ ৷
    গ) বিভিন্ন কাৰ্যকলাপৰ বিষয়ে শিকিবলৈ পাইছোঁ ৷

    ২.
    ক) ইংৰাজী বিষয়ত অত্যাধিকভাৱে কিছুমান দিশৰ পৰা ভয়ৰ বাৰ্তা লাভ কৰে, যাৰ বাবে বেছিভাগ শিক্ষাৰ্থীয়ে ইংৰাজী বিষয়টো আয়ত্ত কৰিব
    নোৱাৰে ৷ এই ক্ষেত্ৰত শিক্ষকে অসুবিধাৰ সন্মুখীন হয় ৷
    খ) কিছু সংখ্যাক শিক্ষাৰ্থীয়ে শ্ৰেণীকোঠাত কোনো ধৰণৰ ভাৱ-বিনিময় নকৰে যাৰ বাবেও শিক্ষকে অসুবিধাৰ সন্মুখীন হয় ৷
    সকলোলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ৷ আশা কৰিছোঁ আগলৈ এনেকুৱা কৰ্মশালাৰ হোৱাটো বিচাৰিছোঁ ৷

    বদিউৰ জামান (নলবাৰী)

    ReplyDelete
  14. This comment has been removed by the author.

    ReplyDelete
  15. This comment has been removed by the author.

    ReplyDelete
  16. ১আজিৰ কৰ্মশালা টোৰ পৰা বহুখিনি নজনা কথা শিকিলোঁ।বিশেষকৈ মাননীয় জনক ছাৰৰ পৰা অৰ্হতা সম্পৰ্কে বহুখিনি কথাই জানিলো। ছাত্ৰ-ছাত্ৰী ক কেনেকৈ পাঠৰ শেষত বিভিন্ন ক্ৰিয়াকলাপৰ জৰিয়তে শিক্ষা প্ৰদান কৰিব পাৰি সেই বিষয়ে জানিলো।
    ২. বৰ্তমান সময়ত ইংৰাজী ভাষাত শিক্ষা প্ৰদান কৰাত শিক্ষকসকল বিভিন্ন সমস্যাৰ সন্মুখীন হয়। বিশেষকৈ বিষয় শিক্ষকৰ অভাবৰ কাৰনে বেলেগ বিষয়ৰ শিক্ষকে ইংৰাজী পঢ়াব লগা হোৱাৰ কাৰনে লগতে ইংৰাজী ত কথোপকথনৰ অভাবৰ কাৰনে এনে সমস্যাৰ সৃষ্টি হৈছে।
    বিনয় ডাউকা
    জিলা-কামৰূপ

    ReplyDelete
  17. পুৰবী পাঠক । জিলা বঙাইগাঁও । ১,আজিৰ কৰ্মশালাত উপলব্ধি কৰিব পাৰিছো। ছাত্ৰ ছাত্ৰীৰ অৰ্হতা বঢ়াবলৈ ভালকৈ বুজাই দিবলৈ হলে পাঠ এটা নিখুঁত ভাবে আলোচনা কৰিব লাগে। আৰু পাঠটোত থকা কাৰ্যকলাপ বোৰ হাতে কামে কৰিব লাগে ।
    ২, মাতৃভাষা অসমীয়া হোৱাৰ বাবে সাধাৰণতে ইংৰাজী মাধ্যমত ভালদৰে শিক্ষা গ্ৰহণ নকৰা ফলত ইংৰাজী ভাষাটো কঠিন হৈ পৰে ।
    শব্দৰ সঠিক অৰ্থ নজনা, বাক্য গঠন ভালকৈ কৰিব নোৱাৰাৰ লগতে উচ্চাৰণ সঠিকভাৱে কৰিব নোৱাৰা।

    ReplyDelete
  18. Firoja khatun,(Bongaigaon)
    আজি কৰ্মশালাৰ জৰিয়তে এইখিনি শিকিলোঁ মে শিক্ষকে যিকোনো বিষয়ত পাঠদান কৰাৰ আগতে সেই পাঠৰ জৰিয়তে শিক্ষাৰ্থীয়ে কি কি অৰ্হতা লাভ কৰিবলৈ সক্ষম হব,সেই বিষয়ে গুৰুত্ব আৰোপ কৰিব লাগিব। লগতে সেই অৰ্হতা লাভ কৰাৰ বাবে শিক্ষাৰ্থীৰ প্ৰয়োজন অনুসৰি শিক্ষকে নিৰ্দিষ্ট কিছুমান কাৰ্যকলাপ ঠিক কৰি লৱ লাগিব অথবা পাঠ পৰিকল্পনাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব।
    শিক্ষকে ইংৰাজী শিকোৱাত সন্মুখীন হোৱা অসুবিধা সমুহ হল , শব্দৰ সঠিক অৰ্থ নজনা, বিদেশী ভাষা , উচ্চাৰণৰ অসুবিধা, প্ৰশিক্ষণৰ অভাৱ, বিদ্যালয়ত ইংৰাজী ভাষাৰ ব্যবহাৰ নোহোৱা।

    ReplyDelete
  19. EF Name- Purbajyoti Rabha
    Dist- Goalpara
    Ajir Workshop t Ami Bohut Kisu Hikibo parilu, Lessons 2 ,The Joy Of Helping Path tor pora Students borok Kenekoi Meaningful Grammatically, correct sentences to describe and narrate, framing Question bonabo pare ai boror bikhoye alosona kora hoise.
    Eyar logote students borok kenekoi assessment koribo pari Eyar bikhoye bobut bhal alosona kora hoise, jene- porhai Diya path to student's bore buji paise ne nai heitu janibor karone Keitaman Question naiba sobir joriyote alosona kori Students boror dakhata jate janibo pare.
    2.Teacher Hokole School t English hikowa tu eman Ako Okhubidha dekha najay jodio tekhet hokole English bikhoyor oporot
    Kom koi shiksha Diya Dakha jay, karon amar School t thoka teacher Assamese Medium t Shiksha ghrohon kori oha heikarone kitap t thoka keita he path dan di hamori thoi diye, Lora Sowali borok pisot English kenekoi kobo lage, kenekoi likhibo lage aru kenekoi hikibo lage heibor Eman bhal koi Gurutta diya dekha najay.
    Eyar karoneo Students bore English likhibo aru porhibo bhal koi nowarar ata karon.

    ReplyDelete
  20. This comment has been removed by the author.

    ReplyDelete
  21. আজিৰ কৰ্মশালাৰ পৰা বহু কথাই শিকিলোঁ। যেনে:
    ১)পাঠদান প্ৰক্ৰিয়াত ইয়াৰপদ্ধতি ও আনুসাঙ্গিক বিষয় বস্তুৰ গুৰুত্ব। Learning Out come আৰু ইয়াৰ ভিত্তিত প্ৰশ্নত্তোৰৰ গুৰুত্ব আৰু মূল্যায়নৰ প্ৰয়োজনীয়তা।
    ২) বেছিভাগ শিক্ষকৰ ইংৰাজী ভাষাত দখল নথকা আৰু অভিভাবকৰ উদাসীনতাৰ ফলত ছাত্র ছাত্রীৰ ইংৰাজী শিক্ষাত অসুবিধাৰ সৃষ্টি হয়। যিহেতু ইংৰাজী আমাৰ মাতৃভাষা নহয় সেয়ে যথোপযুক্ত যত্ন ও TLM ৰ অভাৱত ই ফলপ্ৰসূ হৈ নুঠে।
    মেহেজবীন হুছাইন,
    বঙাইগাঁও।

    ReplyDelete
  22. আজিৰ কৰ্মশালাখনৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলে ৫ম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ ২য় পাঠটিৰ শিকন ফলাফল সম্বন্ধে জানিব পাৰিছে। প্ৰথমবাৰৰ বাবে আয়োজন কৰা অনলাইন কৰ্মশালাখনত সৰহ সংখ্যক লোকৰ বিভিন্ন কাৰ্যকলাপত সক্ৰিয় অংশগ্ৰহণে ইয়াৰ উদ্দেশ্য সফল কৰি তুলিছে।
    পৰৱৰ্তী কৰ্মশালাসমূহত সকলোৰে সক্ৰিয় অংশগ্ৰহণ কামনা কৰা হ'ল।
    - অস্মিতা কলিতা,
    নলবাৰী

    ReplyDelete
  23. RAHUL RABHA
    FROM :-GOALPARA (EF)
    ১=আজি আমাৰ হৈ যোৱা কৰ্মশালাত বহুতো জ্ঞান অভিজ্ঞতা অৰ্জন কৰিব পাৰিছো। ইংৰাজী ব্যায়কৰণ, সঠিক সময়কাল, বৰ্ননা আদি বহুতোৰ বিষয়ে আলোচনা কৰা হয়,পাঠ্যপুঠিত অন্তৰ্গত এটা অধ্যায়ন পঢ়োৱাত ল'ৰা ছোৱালীক সেই অধ্যায়নৰ বিষয় বস্তুৰ বিষয়ে আলোচনা বাঞ্চনীয়। আজিৰ কৰ্মশালা বহুত ভাল লাগিছে।
    ২=শিক্ষক শিক্ষয়িত্ৰীসকল উচ্ছ শিক্ষা নথকাৰ বাবে,পাঠ্যপুঠিৰ ওপৰত বেছি গুৰুত্ব নিদিয়াৰ বাবে । বিদ্যালয়ত কিছুমান সা-সজুলি অভাৱৰ বাবে।

    ReplyDelete
  24. This comment has been removed by the author.

    ReplyDelete
  25. anju khakhalary
    from : Goalpara


    আজিৰ কৰ্মশালাৰ পৰা বুজি পোৱা কেইতামান বাক্য মই তলত লিখি দিলো______
    (১)
    (ক) এই পাঠৰ পৰা আমি অৰ্থপুৰ্ণ ব্যাকৰণযুক্ত শব্দ শিকিব পাৰি
    (খ) প্ৰশ্ন কৰা কৌশল শিকিব পাৰি
    (গ) বিভিন্ন ধৰণৰ noun ৰ চিনাক্ত কৰন
    (ঘ) simple past আৰু simple present ৰ পাৰ্থক্য জানিব
    (ঙ) শিক্ষকে adverb ৰ আগত কেতিয়া ly হয় কব পাৰিব
    (চ) ছাত্ৰ ছাত্ৰীসকলোক main word ৰ লগত কেতিয়া ing হয় কব
    (ছ) শিক্ষকে সহায় কৰা কাৰ্যৰ কথা কব
    (জ) শিক্ষকে দলিও কাৰ্যৰ কথা কব পাৰিব

    (২)
    (ক) উপযুক্ত প্ৰশিক্ষনপ্ৰাপ্ত শিক্ষকৰ অভাৱ
    (খ) ইংৰাজী বিষয়ৰ বাবে ইংৰাজী বিষয়ত অনাৰ্চ থকা শিক্ষকৰ অভাৱ
    (গ) ছাত্ৰ ছাত্ৰীয়ে বুজিব পৰা বিষয় বা পাঠ ছাত্ৰ ছাত্ৰী বয়ষ অনু্যায়ী নহয়
    (ঘ) ছাত্ৰ ছাত্ৰীসকলোৰ মাতৃভাষা অসমীয়া হোৱা বাবে ইংৰাজী স্বৰ উচ্চাৰণ কৰতে অসুবিধা হয়
    (ঙ) অসমীয়া স্বৰবৰ্ণৰ চিহ্ন নিৰ্দ্দিষ্ট উচ্চাৰণ কৰায় কিন্তু ইংৰাজী vowel ৰ উচ্চাৰণ বিলাক সদায় একে হৈ নাথাকে যাৰ বাবে ছাত্ৰ ছাত্ৰীসকলোক শব্দবোৰ উচ্চাৰণ কৰাব অসুবিধা হয়
    (চ) বহু বিদ্যালয়ত ইতিয়াও পূৰণি শিক্ষক যিসকল ইংৰাজী শব্দ উচ্চাৰণত অসুবিধা দেখা যায়
    (ছ) উপযুক্ত পাঠ পৰিকল্পনাৰ অভাৱ
    (জ) অভিভাকে লৰা ছোৱালীৰ ইংৰাজী শিকাৰ প্ৰতি গাফিলতি
    (ঝ) বৰ্তমান ব্যাকৰণ শিক্ষাৰ অভাৱ
    (ঞ) ছাত্ৰ ছাত্ৰীৰ ইংৰাজী বিষয়ৰ প্ৰতি অমনোযোগিতা

    ReplyDelete
  26. নাম-পূৰ্বজ্যোতি ৰাভা
    জিলা- গোৱালপাৰা
    পখিলা আমি সদায় দেখা পাও, যদিও আমি পখিলাক হাতেৰে ধৰিব নোৱাৰো কাৰণ পখিলা বহুত কোমল প্ৰজাতিৰ জীৱ।

    ReplyDelete

Post a Comment

Popular posts from this blog

DEREK- a village full of greenery

মোৰ গাওঁ