Covid-19

 শ্ৰদ্ধেয় সহকৰ্মীসকল,

 আপোনালোকে তলত দিয়া বিষয়ত নিজৰ মন্তব্য হিচাপে  অতি কমেও দহটা বাক্য লিখক।

কোভিদে আপোনাৰ  জীৱনত কি কি ভাল আৰু কি কি বেয়া প্ৰভাৱ পেলাইছে ?


Dear EF (For Bodo & Garo medium only),

Please write at least 10 sentences in Bodo or Garo language on the following topic:

What are the good and bad impact of Covid-19 pandemic in your life ?










With Regards,
Mosaddique Hussain

Comments

  1. Covid-19 r bhal probhab aru beya probhab bor tolot ullkhe kora hol.

    Bhal probhab
    1.Covid -19 mohamari time t Aanok kanekoi aim hohai koribo lage.
    2.Poriskar porisunta bojai chola.
    3.Jono homagom pora durotho mani chola.
    4.Jote tote thu khekor
    nepelowa.
    5.Mask poridhan kora.
    6.Hodai hat dui ji kuno kam koribo lage aru kam shekh korar pisot hat dui lobo lage.

    Beya probhab

    1.Covid Mohamarir time t bohut manuh Arthik Anaton hoise.
    2.Covid mohamarir folot lakh-lakh manuh murtu hol.
    3.Covid r folot manuhr zatayot poribohon cholachol r ohubida.
    4.Covid r folot bostur mullo bridhi ohubida.
    5.Covid mohamarir howat manuh r shadharon bemar howat manuh bor Hospital loi jowat bhoi kore.

    ReplyDelete
  2. Purbajyoti Rabha
    কভিদে মোৰ জীৱনত বহুত ধৰনে প্ৰভাব পৰিছে যেনে- মই মোৰ দৈনন্দিন কৰিব লগা কামবোৰ কৰি যাও।
    ঘৰৰ কাম-বন কৰাৰ লগতে কিছুমান শাক- পাচলি খেতি কৰিব শিকিবলৈ পালো। আৰু লগতে নাটক লিখা বা কবিতা ৰচনা কৰিবলৈ শিকিলো।
    অসুবিধাৰ কথা কবলৈ হলে এতিয়া স্বাধীন ভাবে ঘুৰি-ফুৰিব নোৱাৰি, আৰু এতিয়া বেলেগ ঠাইলৈ গলে সময় মতে যোৱা আৰু আহা কৰিবলৈ বাধ্য হৈছো।

    ReplyDelete
  3. কোভিদে আমাৰ জীৱনত বহুতো ভাল আৰু বেয়া প্ৰভাৱ পেলাইছে।সমগ্ৰ বিশ্বজুৰি কপাই দিয়া এক ভয়ানক মহামাৰি,যাক আমি সাধাৰনতে কোভিদ -১৯ মহামাৰি বা ক'ৰণা মহামাৰি বুলি জানো। বেয়া প্ৰভাৱ
    ১-ছাত্ৰ- ছাত্ৰীৰ শিক্ষা ক্ষেত্ৰত বাধা প্ৰভাৱ। ২-সমাজৰ কিছুমান অনুষ্ঠান-প্ৰতিনুষ্ঠান দিয়াৰ ক্ষেত্ৰত বেয়া প্ৰভাৱ।
    ৩-নিবুনৱা ল'ৰা-ছোৱালীৰ জীবনৰ লক্ষ্যৰ পৰা বঞ্চিত।
    ৪-লক্ষ্যাধিক লোকৰ প্ৰান কাৰি লোলে এই মহামাৰিয়ে। ফলত আমাৰ পৰিবেশ প্ৰদুষনৰ সৃষ্টি হৈছে। ৫-ৰাজ্যৰ বা দেশৰ অৰ্থনৈতিৰ ক্ষেত্ৰত বহুতো ক্ষয় ক্ষতি। ৬-বেপাৰ-বানিজ্যৰ আধান-প্ৰদানৰ লোকচান।
    ভাল প্ৰভাৱ ১-আক্ৰান্ত লোকক সহায়-সুবিধা আগবঢ়ৱা।
    ২-কোভিদৰ ফলত ৰাজ্য চৰকাৰে কিছুমান বিনামূল্য আঁচনি প্ৰদান কৰে। ৩-যাতায়ত পৰিবষন,কল কাৰখানা,উদ্যোগ আদিবোৰ বন্ধৰ ফলত বায়ু প্ৰদূষন,শব্দ প্ৰদূষন, আৰু পৰিবেশ প্ৰদূষন আদিৰ পৰা বিৰত থাকিল। ফলত বায়ু,শব্দ,পৰিবেশবোৰ নিৰ্মূল হ'ল। ৪-খেতিয়ক সকলে পথাৰৰ খেতি-বাতিৰ কামৰ ব্যষ্টতাৰ মাজতে সময় কটালে।

    ReplyDelete
  4. Covid-l9
    Covid (koruna) bemar pon prothume Chinar Khan chohoroth dhuraporechil aei bemar gotai prethibe jure vihope porese . her pora baseboli hole vicen lobu lagebo . hodhye max pindhibo largebo. Koruna mohamary amk bipodhoth palise.goroth hodaye senetiger bebohar koribo lage.

    ReplyDelete
  5. Firoja khatun
    Dist:-Bongaigaon

    কোভিড -১৯ এ আমাৰ দৈনন্দিন জীৱনত বহুতো ভাল বেয়া প্ৰভাৱ পেলাইছে,ভাল বুলি কওতে মই ভাবো যে কেৱল যিবিলাক মানুহ কৰ্মত
    বেছিভাগ সময় ব্যস্ত থকাৰ বাবে পৰিয়ালৰ মানুহৰ লগত সময় দিব পৰা নাছিল,সেই মানুহবোৰে এতিয়া পৰিয়ালৰ মানুহৰ লগত সময় কটাব পাৰিছে, আৰু যদি মই বেয়া প্ৰভাৱৰ কথা কও তেন্তে বহুতো ওলাই আহে,
    যেনে:- ১/ শিক্ষা ক্ষেত্ৰত ।
    ২/ অৰ্থনৈতিক ক্ষেত্ৰত।
    ৩/ চিকিৎসা ক্ষেত্ৰত।
    ৪/ যাতায়তৰ ক্ষেত্ৰত।
    ৫/ সামাজিক অনুষ্ঠান পালনৰ ক্ষেত্ৰত।
    ৬/ কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত।

    উপৰোক্ত বিষয় সমূহৰ উপৰিও আৰু বহুতো দিশত কোভিড -১৯ এ আমাৰ দৈনন্দিন জীৱনত বেয়া প্ৰভাৱ পেলাইছে, আনকি মানুহক মানসিক ভাৱেও দুৰ্বল কৰি তুলিছে।

    ReplyDelete
  6. কোভিদে মোৰ জীৱনত ভাল আৰু বেয়া বহুতো প্রভাৱ পেলাইছে । কোভিদ মহামাৰীৰ ফলত মই বিশেষকৈ নিয়মানুবর্তিতা আৰু সময়ৰ সদ ব্যবহাৰ কৰিবলৈ শিকিলো। আৰু লগতে ইলেকট্রনিক মাধ্যমৰ বিভিন্ন কাম শিকিবলৈ সমৰ্থ হলো। আৰু মহামাৰীৰ এই সময় চোৱাত আতাইতকৈ গুৰুত্বপূৰ্ণ কথা শিকিলো এইটোৱে যে আমি আৰু আমাৰ পৰিৱেশক কেনেদৰে প্ৰদূষণ মুক্ত কৰি মানৱ জাতীক আগবঢ়াই লই যোৱাত সহায় কৰিব পাৰো। এনেবোৰ ভাল অভিজ্ঞতা ৰ লগতে কিছুমান বেয়া অভিজ্ঞতাৱো অনুভৱ কৰিছো যেনে বহুতো লোকে কাম হেৰুৱাই কৰ্ম হীন হৈ পৰা পৰিলক্ষিত হৈছে। বিশেষকৈ ছাত্র ছাত্রী ৰ জীৱনত এই অতিমাৰীয়ে বহুত বেয়া প্ৰভাৱ পেলাইছে । যদিও অনলাইন মাধ্যমেৰে শ্রেনী বোৰ চলি আছে তথাপিও ছাত্র ছাত্রী সকলৰ বিশেষ অসুবিধাৰ বাবে কিছুমান ছাত্র ছাত্রী ইয়াৰ দ্বাৰা উপকৃত হোৱা নাই।।

    ReplyDelete
  7. Yes, definitely covid pandamic impact on me . Fast of all Covid 19 is a lesson for me. I want to add some impact on me during the Covid 19 situation good and bad point in below..
    1. I am very proud to help someone.
    2. This time I reading 11 books.
    3.making some educational videos.
    4. Practicing English language.
    5.5 poems I have written.
    Bad impact...
    1.i can't go to the out side.
    2. Some time feel boring.
    3.i can't go to Zyme.
    4.i can't go to Mahjid.
    5.i can't go to bicke riding.
    Thanks for giving me this opportunity to express my point of view regarding this topic.

    ReplyDelete
  8. মনোজ তালুকদাৰ
    বাকসা জিলা

    কৰোনা ভাইৰাছ বা কভিদে সমগ্ৰ্ পৃথিৱীৰ লগতে আমাৰ জীৱনলৈ বহুতো ভাল-বেয়া প্ৰভাৱ পেলাইছে ।

    ভাল প্ৰভাৱৰ ভিতৰত:
    ১। এটা যান্ত্ৰীক চৌদিশে জনবহুল পৰিৱেশৰ বিপৰিতে কভিদৰ ফলত জনশূণ্য চৰাই-চিৰিকটি আৰু প্ৰকৃতিৰ মাতে জীয়াই থকাৰ দৃষ্টিভংগভিত মোক বাৰুকৈ প্ৰভাম্বিত কৰিছিল।
    2। কভিদৰ ফলত দিয়া লকডাউনৰ বাবে বেছিকৈ ঘৰৰ সৰু বৰ কামত আনক সহায় কৰিব পাৰিছো।
    ৩। কভিদৰ সময়চোৱাত ঘৰৰ পৰা কাৰ্য্যলয়ৰ কাম কৰিবৰ বাবে কিছু দিজিতেল মাধ্যমৰ জ্ঞান আহৰণ কৰিব পাৰিছো।
    ৪। থলুৱা খাদ্য-ভাৰ সম্পৰ্কে জানিব পাৰিছো।
    ৫। কিতাপ আৰু বোলছবি পঢ়িব পাৰিছো।

    বেয়া প্ৰভাৱ:
    ১। মানুহৰ লগতে জীৱকুলৰ স্বাভাৱিক জীৱনলৈ জীয়াই থকাৰ ভাবূকি নামি আহিছে।
    ২। অৰ্থনৈতিক সংকটৰ সন্মুখীন হ'ব লগীয়া হৈছে।
    ৩। কভিদ মহামাৰীএ বিভিন্নজনক চিৰদিনৰ বাবে আতৰাই লৈ গ'ল।
    ৪। নিজৰ নিয়মীয়া কাম কাজৰ লগতে কাৰ্য্যলয়ৰ কামসমূহ ব্যাপকভাৱে পিছ পৰি গৈছে।
    ৫। বিভিন্ন কাৰণবশতঃ বাহিৰলৈ ওলাই যাবলৈ ভয়ৰ সন্মুখীন হ'বলগীয়া হৈছে।

    ReplyDelete
  9. কভিড য়ে পেলোৱা (ক) ভাল প্ৰভাৱবোৰ হ'ল:- (১) সহায়ৰ হাৰ বাঢ়িছে।(২) মাৰ্ক্সৰ ব্যৱহাৰৰ হাৰ বাঢ়িছে।(৩) সামাজিক দূৰত্ব বজাই ৰাখিবলৈ সক্ষম হৈছে।
    (খ) বেয়া প্ৰভাৱবোৰ হ'ল:- (১) মৃত্যুৰ হাৰ বৃদ্ধি পাইছে। (২) মানসিক ৰোগৰ প্ৰাৱল্য বৃদ্ধি পাইছে।(৩) শিক্ষানুষ্ঠান সমূহ বন্ধ হৈছে (৪) শিক্ষাত ব্যাঘাত জন্মিছে (৫) যাতায়তৰ অসুবিধা হৈছে (৬) আৰ্থিক দূৰৱস্থা বৃদ্ধি পাইছে।(৭) কৰ্ম সংস্থান বন্ধ হৈছে।(৮) ব্যৱসায়ত ব্যাঘাত জন্মিছে (৯) উৎপাদন কৰা বস্তুৰ দাম কমিছে (১০) সামগ্ৰীৰ দাম বৃদ্ধি পাইছে।

    ReplyDelete
  10. অঞ্জু খাখলাৰী গোৱাল পাৰা

    যিকোনো পৰিস্হিতিৰ ভাল বেয়া দুয়োটা দিশ থাকে ঠিক তেনেদৰে কভিড - ১৯ ৰ ক্ষেত্ৰতো মোৰ জিৱনত ভাল বেয়া দুয়োটা দিশ থকাতো স্বাভাবিক । মোৰ ক্ষেত্ৰত ভাল প্ৰভাব কেবল ঘৰত পৰিয়ালৰ লগত সকলোৱে একেলগে মিলিজুলি কৰি খাই বৈ আছু সেয়াই । বেয়া বুলিলে কব গলে লৰা ছোৱালীৰ স্কুল লৈ যোৱাৰ পৰা বঞ্চিত,লৰা ছোৱালীৰ পঢ়া শুনাৰ প্ৰতি অমোনোযোগীতাৰ প্ৰভাৱ, কিছুমান প্ৰয়োজনীয় কামৰ পৰা বঞ্চিত,সমাজৰ মানুহৰ লগত কিছুমান আলোচনা কাৰ্যত মিলিত হোৱাত অসুবিধা,

    ReplyDelete
  11. Replies
    1. Saddam Hussain.Bongaigoanccovid 19 আমাৰ জীৱনৰ বহুতো বেয়া আৰু ভাল প্ৰভাৱ পেলাইছে।

      1, covid 19 ফলত দৈনন্দিন জীৱনৰ প্ৰতি দিনাই সময় ৰাহি হৈছে।

      2, বৈজ্ঞানিক বা আধুনিকতাই কঢ়িয়াই আনিব পাৰিছে।

      3, শব্দ প্ৰদূষণ, বায়ু প্ৰদূষণ পৰিৱেশ প্ৰদূষণ কমিছে।

      4, যাতায়তৰ সুবিধা বাঢ়িছে।

      5, নিৰ্মলতাৰ লগতে ছাফ চিকুনতা বাঢ়িছে।

      6, কম্পিউটাৰ শিক্ষাৰ চাহিদা বাঢ়িছে।

      7, কোভিদে বিশ্বজুৰি সিচৰিত হৈ সমগ্ৰ বিশ্ব কপাই তুলিছে যাৰ ফলত আমি আৰ্থিক অনাটনৰ সন্মুখীন হৈ পৰিছো।

      8, আমি কোনো ধৰণৰ উৎপাদন মুখী কামত নিয়োজিত হ'ব নোৱাৰাৰ বাবে বাৰ্ষিক আয় হ্ৰাস পাব আৰু দৰিদ্ৰ সকল অতি দৰিদ্ৰ অবস্থা লৈ গতি কৰিছে

      Delete

  12. Taijuddin Ahmed
    kamrup(R)
    সমগ্ৰ বিশ্ব কপাই যোৱা কোভিড ১৯ মহামাৰীয়ে প্ৰকৃতিৰ ৰূপ , শিক্ষা,পৰিবহন, যোগাযোগ, ব্যৱসায়, বেপাৰ-বানিজ্য সকলো ক্ষেত্ৰতে ইয়াৰ প্ৰভাৱ বাৰুকৈয়ে পৰিছে।তাৰ ফলস্বৰূপে সকলো শ্ৰেণীৰ মানুহৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হৈছে। এইখিনিতে কোভিড১৯ৰ ওপৰত পৰা কিছু ভাল বেয়া অভিজ্ঞতা ব্যক্ত কৰিব বিছাৰিছো।
    লকডাউনৰ ফলত সমগ্ৰ্ বিশ্ব স্তদ্ধ হৈ যোৱাৰ লগে লগে সকলো মানুহ ঘৰতে আবদ্ধ হৈ থাকিব লগা হৈছে। সেয়েহে মানুহে জীৱিকাৰ বাবে পৃথক পৃথক পথ বাছি ল'ব লগা হৈছে। মই নিয়োজিত হৈ থকা কৰ্মত বিকল্প পথ হিচাপে অনলাইন পদ্ধতি বাছি লোৱা হৈছে।যাৰ দ্বাৰা মই এই সময় ছোৱাত অনলাইন শিক্ষা পদ্ধতি,অনলাইন পদ্ধতিৰে আলোচনা কৰা ইত্যাদি বোৰ কথা কিছুপৰিমানে শিকিবলৈ পালো।এই সময় ছোৱাত পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰাৰ লগতে ঘৰুৱা কামকাজত সহযোগ কৰাৰ যথেষ্ট সুবিধা পাইছো।
    এই সময় ছোৱাত ভাল অভিজ্ঞতাৰ লগতে কিছু বেয়া অভিজ্ঞতাৰো সম্মুখীন হৈছো। কৰ্মস্থলীত গৈ কাম কৰাৰ যিটো আমোদজনক মূহুৰ্ত সেই সুবিধাটোৰ পৰা বঞ্চিত হৈছো। বিশেষকৈ লকডাউনৰ সময় সীমা নিৰ্ধাৰণ কৰি দিয়াৰ কাৰণে ঘৰৰ পৰা বাহিৰ ওলাব নোৱাৰাত মাজে মাজে মানসিক অশান্তিত ভুগিব লগীয়া হৈছে।

    ReplyDelete
  13. জিলা :- বঙাইগাঁও নাম :-
    ছাদ্দাম হুছেইন
    কভিদে মোৰ জীৱনত বহুতো ভাল আৰু বেয়া প্ৰভাব পেলাইছে ।
    যেনে :- শিক্ষাৰ ক্ষেত্ৰত প্ৰভাব পেলাইছে । স্বাস্থ্য ওপৰত পেলাইছে প্ৰভাব । যাতায়তৰ ওপৰতো ইয়াৰ প্ৰভাব পেলাইছে । খাদ্য বস্তুৰ যোগানৰ ওপৰতো পৰিছে ইয়াৰ প্ৰভাব ।কৰ্মৰ ওপৰতো ইয়াৰ প্ৰভাব পৰিছে ।আৰ্থিক উপাৰ্জনৰ ক্ষেত্ৰতো পৰিছে যথেষ্ট প্ৰভাব ।আদি বিভিন্ন দিশৰ ওপৰত পেলাইছে ইয়াৰ প্ৰভাব ।
    কভিদে কিছুমান দিশত ভাল প্ৰভাৱো পেলাইছে । যেনে :- কভিদৰ বাবে চৰকাৰে জাৰি কৰা লক ডাউনৰ ফলত ঘৰতে থাকিব লগীয়া হৈছে যাৰ বাবে ঘৰুৱা কাম বোৰ কৰিব পাৰিছো। Online ৰ জৰিয়তে যোগাযোগ আৰু পাঠদান কৰিবলৈ বিভিন্ন ধৰণৰ পদ্ধতি শিকিলো । যাতায়ত বন্ধ থকাৰ ফলত বায়ু প্ৰদূষণ কিছু পৰিমাণে হ্ৰাস পাইছে । শিশু সকলক শিকোৱাৰ বাবে কিছুমান T L M বনাব পাৰিছো।

    ReplyDelete
  14. Covid19 pandemic is worldwide pandemic of corona virus. Which pandemic touch the good and bad impact of our life.
    Below mention the good impact of our life:

    1. Awarness of environment.
    2. Covid situation learn us we must improving ourself.
    3. Create poem, drawing, reading book, natural photographs capture.
    4. Planting tree.
    5. Help to learn study materials of neighbors child and handwash process also.
    6. Increase ability to wait uncomfortable situation.
    7. IT skill improve.
    8. Attend at official workshop.
    9. Make videograph.

    Likewise bad impact also arrive our life:

    1. Situation of Covid pandemic most of the human resources we have lost.
    2. I can't go to Gym center.
    3. Educationally we are going to back.
    Consequently society born out of school children, child labour, child marriage, unemployment etc.
    4. I cant go to out side.
    5. Some time going to loneliness.
    6. Distance maintained to another people.
    7. Increase price of food materials.

    Thanks.

    ReplyDelete
  15. LATIFA AHMED (Bongaigaon)
    Covid 19 ৰ ভাল দিশসমূহ্্্্
    ১/ পৰিস্কাৰ হৈ থকা।
    ২/ অযথা সময় নষ্ট নকৰিবলৈ শিকাইছে।
    ৩/ মাস্ক ব্যৱহাৰ কৰাও এক ভাল শিক্ষা।
    ৪/ Croud ৰ পৰা আঁতৰি থাকিবলৈ শিকাইছে।

    ৫/ সামাজিক দুৰত্ব বজাই ৰাখিবলৈ শিকাইছে।
    Covid 19 ৰ বেয়া দিশসমূহ্্্
    ১/ আনুষ্ঠানিক শিক্ষা ৰ ক্ষেত্ৰত বৃহৎ ক্ষতিৰ সন্মুখীন হোৱা।
    ২/ আৰ্থিক জুৰুলা।
    ৩/ সাধাৰণ মানুহৰ কৰ্ম সংস্থাপন ৰ অভাৱ।
    ৪/ মুক্ত ভাৱে ঘুৰি ফুৰাত মনত সৃষ্টি হোৱা সংশয়।
    ৫/ মানুহৰ মাজত দুৰত্ব ক্ৰমান্বয়ে বঢ়াইছে।

    ReplyDelete
  16. Arjina parbin.. Bongaigoan
    কোভিদে আমাৰ জীৱনৰ বহুতো বেয়া আৰু ভাল প্ৰভাৱ পেলাইছে।
    1, কোভিদৰ ফলত দৈনন্দিন জীৱনৰ প্ৰতি দিনাই সময় ৰাহি হৈছে।
    2, বৈজ্ঞানিক বা আধুনিকতাই কঢ়িয়াই আনিব পাৰিছে।
    3, শব্দ প্ৰদূষণ, বায়ু প্ৰদূষণ পৰিৱেশ প্ৰদূষণ কমিছে।
    4, যাতায়তৰ সুবিধা বাঢ়িছে।
    5, নিৰ্মলতাৰ লগতে ছাফ চিকুনতা বাঢ়িছে।
    6, কম্পিউটাৰ শিক্ষাৰ চাহিদা বাঢ়িছে।
    7, কোভিদে বিশ্বজুৰি সিচৰিত হৈ সমগ্ৰ বিশ্ব কপাই তুলিছে যাৰ ফলত আমি আৰ্থিক অনাটনৰ সন্মুখীন হৈ পৰিছো।
    8, আমি কোনো ধৰণৰ উৎপাদন মুখী কামত নিয়োজিত হ'ব নোৱাৰাৰ বাবে বাৰ্ষিক আয় হ্ৰাস পাব আৰু দৰিদ্ৰ সকল অতি দৰিদ্ৰ অবস্থা লৈ গতি কৰিছে

    ReplyDelete
  17. সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা কোভিড১৯ মহামাৰীয়ে প্ৰকৃতিৰ ৰূপ , অৰ্থ নীতি শিক্ষা,পৰিবহন, যোগাযোগ, ব্যৱসায়, বেপাৰ-বানিজ্য সকলো ক্ষেত্ৰতে ইয়াৰ প্ৰভাৱ বাৰুকৈয়ে পৰিছে।তাৰ ‌ফলস্বৰূপে সকলো শ্ৰেণীৰ ধনী দুখীয়া মানুহৰ ওপৰত ইয়াৰ প্ৰভাৱ বাৰুকৈয়ে পৰিছে। এইখিনিতে কোভিড১৯ৰ ওপৰত পৰা কিছু ভাল বেয়া অভিজ্ঞতা ব্যক্ত কৰিব বিছাৰিছো।
    লকডাউনৰ ফলত সমগ্ৰ্ বিশ্ব স্তদ্ধ হৈ যোৱাৰ লগে লগে সকলো মানুহ ঘৰতে আবদ্ধ হৈ থাকিব লগা হৈছে। সেয়েহে মানুহে জীৱিকাৰ বাবে পৃথক পৃথক পথ বাছি ল'ব লগা হৈছে। মই নিয়োজিত হৈ থকা কৰ্মত বিকল্প পথ হিচাপে অনলাইন পদ্ধতি বাছি লোৱা হৈছে।যাৰ দ্বাৰা মই এই সময় ছোৱাত অনলাইন শিক্ষা পদ্ধতি,অনলাইন পদ্ধতিৰে আলোচনা কৰা ইত্যাদি বোৰ কথা কিছুপৰিমানে শিকিবলৈ পালো।zoom meeting, Google meetingএই লকডাউনৰ সময়ত শিকিবলৈ সুবিধা পালো। বিভিন্ন বিষয়ৰ ওপৰত উপস্থাপন এই সময়ত শিকিবলৈ পালো।এই সময় ছোৱাত পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰাৰ লগতে ঘৰুৱা কামকাজত সহযোগ কৰাৰ যথেষ্ট সুবিধা পাইছো।
    এই সময় ছোৱাত ভাল অভিজ্ঞতাৰ লগতে কিছু বেয়া অভিজ্ঞতাৰো সম্মুখীন হৈছো। কৰ্মস্থলীত গৈ কাম কৰাৰ যিটো আমোদজনক মূহুৰ্ত সেই সুবিধাটোৰ পৰা বঞ্চিত হৈছো। বিশেষকৈ লকডাউনৰ সময় সীমা নিৰ্ধাৰণ কৰি দিয়াৰ কাৰণে ঘৰৰ পৰা বাহিৰ ওলাব নোৱাৰাত মাজে মাজে মানসিক অশান্তিত ভুগিব লগীয়া হৈছে।

    Binoy Dauka
    Kamrup (R)

    ReplyDelete
  18. Name :- Mohela Khatun
    Dist :- Bongaigaon


    আমাৰ দৈনন্দিন জীৱনত COVID-19 এ ভাল আৰু বেয়া দুয়োটা দিশত প্ৰভাৱ পেলাইছে যদিও বেয়াৰ প্ৰভাৱহে বেছি-

    ভাল প্ৰভাৱবোৰ হ'ল-
    ১/ COVID ৰ বাবে যান-বাহন আৰু কল-কাৰখানা বন্ধ থকাৰ কাৰণে পৰিবেশ প্ৰদুষন কমিছে।
    ২/ COVID ৰ সময়ত ৰাজ্য চৰকাৰে কিছুমান বিনামূলীয়া আঁচনি প্ৰদান কৰিছে।
    ৩/ আলায়-আথনি হৈ পৰি থকা চিকিৎসালয় সমূহ ব্যৱহাৰৰ উপযোগী হৈছে।
    ৪/ মাক্স পৰিধান কৰা আৰু দুৰত্ব বজায় ৰখাৰ বাবে কেৱল COVID এ নহয় আন শোচৰা বেমাৰৰ পৰা পৰিত্ৰাণ পাইছে।

    বেয়া প্ৰভাৱবোৰ হ'ল-
    ১/ শিক্ষানুষ্ঠান সমুহ বন্ধ থকাৰ বাবে শিক্ষাৰ ক্ষেত্ৰত বহুত বাধা আহিছে।
    ২/ COVID-19 ৰ ফলত মৃত্যুৰ হাৰ বাঢ়িছে।
    ৩/ দিনহাজিৰা কৰা মানুহ খিনিৰ আৰ্থিক অৱস্থা জুৰুলা হৈ পৰিছে।
    ৪/ এঠাইৰ পৰা আন ঠাইলৈ অহা-যোৱা কৰাত অসুবিধা হৈছে।
    ৫/ বেপাৰ বাণিজ্যত অসুবিধা হৈছে।

    ReplyDelete
  19. মৌচুমী হালৈ
    নলবাৰী জিলা

    সমগ্ৰ্ পৃথিৱী তথা আমাৰ জীৱনলৈও কৰোনা ভাইৰাছ বা কভিদে বহুতো ভাল-বেয়া প্ৰভাৱ পেলাইছে ।

    ইয়াৰ ভাল প্ৰভাৱৰ সমূহ :
    1। কভিদৰ সময়চোৱাত বিভিন্ন কাম তথা কাৰ্য্যলয়ৰ কাম ঘৰৰ পৰা কৰিবৰ বাবে কিছু দিজিতেল মাধ্যমৰ ব্যৱহাৰ কৰিব শিকিছো।
    2। কভিদৰ ফলত যান্ত্ৰিকতাৰ চৌপাশে জনবহুলতাৰ পৰিৱৰ্তে প্ৰকৃতি তথা চৰাই-চিৰিকটিবোৰে মুকলিমুৰিয়াকৈ থাকিব পাৰিছে।
    3। এই কভিদৰ সময়চোৱাত নিজৰ লগতে ঘৰৰ আন সদস্যসকলৰ শৰীৰ সুস্থ ৰখাৰ বাবে যতন লৈছো।
    4। কভিদৰ ফলত সকলোৱে নিজক পৰিস্কাৰকৈ ৰখাৰ অভ্যাস গঢ়ি তুলিছে। যেনে - মাস্ক পৰিধান কৰা, সঘনাই হাত-মুখ ধোঁৱা ইত্যাদি। যাৰ ফলত কভিদৰ লগতে অন্য বেমাৰৰ পৰাও ৰক্ষা পাব পাৰি।
    5। এই কভিদৰ সময়চোৱাত প্ৰায় মানুহে সময়ৰ লগত খাপ খাব পৰাকৈ মানসিক তথা শাৰীৰিক ভাৱে নিজকে সাজু কৰি তোলা দেখা গৈছে ।
    6। এই কভিদৰ সময়চোৱাত লকডাউনৰ বাবে কিতাপ পঢ়া আৰু বোলছবি চোৱা তথা কিছু ঘৰুৱা কামৰ বাবে আছুতীয়াকৈ সময় উলিয়াব পাৰিছো।

    কভিদৰ ফলত হোৱা বেয়া প্ৰভাৱ সমূহ :
    1। এই কভিদৰ সময়চোৱাত স্বাভাৱিক ভাৱে জীয়াই থকাৰ পৰিৱৰ্তে নিজৰ নিয়মীয়া কাম কাজৰ লগতে কাৰ্য্যলয়ৰ কামসমূহ বহু পিছুৱাই গৈছে।
    2। এই কভিদৰ সময়চোৱাত বিভিন্নজনক আৰ্থিক অনাটনৰ সন্মুখীন হোৱা দেখা গৈছে।
    3। এই কভিদ মহামাৰীয়ে আত্মীয় তথা বিভিন্নজনক চিৰদিনৰ বাবে পৃথিৱীৰ পৰা আঁতৰাই নিছে।
    4। কভিদ মহামাৰীৰ ফলত বহু সৰু সৰু ল'ৰা -ছোৱালী অনাথ হৱ লগা হৈছে।
    5। ইয়াৰ উপৰিও এই কভিদৰ সময়চোৱাত স্কুল - ক'লেজসমুহ বন্ধ হোৱাৰ বাবে শিক্ষাৰ্থীসকলৰ বিশেষভাৱে ক্ষতি হোৱা দেখা গৈছে ।
    6। এই কভিদৰ সময়চোৱাত বিভিন্ন উদ্যোগ -প্ৰতিষ্ঠানত সমূহ বন্ধ হোৱাৰ ফলত নিবনুৱাৰ হাৰ বৃ্দ্ধি পাইছে।

    ReplyDelete
  20. This comment has been removed by the author.

    ReplyDelete
  21. পুৰবী পাঠক ।
    জিলা - বঙাইগাঁও ।
    ক'ভিদ - ১৯ এই মহামাৰীয়ে মোক দেখুৱাই দিয়া ভাল আৰু বেয়া এই দিশত কবলৈ গ'লে বহু কথাই ওলাই পৰে ।তাৰ মাজতে মই চুটিকৈ কবলৈ লৈছো ।
    মোৰ জীৱনৰ ভাল প্ৰভাৱ ।
    ১ ।আমি সকলোৱে সাধাৰণতে
    সময়ৰ সদব্যৱহাৰ আৰু নিয়মানুৱৰ্তিতা জনাৰ লগতে এই মহামাৰীয়ে আকৌ দ'কৈ শিক্ষা দিলে
    ২। ইলেক্ট্ৰনিক মাধ্যমৰ জগতখনৰ কথা জানিও পাহৰি যাওঁ। এই ২টা বছৰ ঘৰত আবদ্ধ হৈ থাকিব লগা হোৱা বাবে এই কথা ভালদৰেই উপলব্ধি কৰিব পাৰিছো।
    ৩। আৰ্থিক ভাৱে সুচল আৰু টনকিয়াল এই দুটা বিষয় ভালদৰে শিক্ষা দিলে এই মহামাৰীয়ে ।
    ৪। প্ৰদূষণ মুক্ত জগতখনত জীয়াই
    থাকিবলৈ হলে নিজে কিছু হাতে কামে কৰাৰ হাবিয়াস বাঢ়িল ।
    ৫। আগৰ মানুহে ব্যৱহাৰ কৰা ঘৰতে পোৱা কিছুমান বন দৰব নিয়মীয়াকৈ ব্যৱহাৰ কৰিলে যে
    আমিও নিৰোগী হৈ থাকিব পাৰো
    সেই কথা ভালদৰে শিকিব পাৰিছো।
    মোৰ জীৱনৰ বেয়া প্ৰভাৱ -
    ১। সকলো ফালৰ পৰা চাবলৈ গলে
    মানুহৰ জীৱনত কৰিব লগা আৰু
    শিকিব লগাৰ শেষ নাই এই কথা জনাৰ পিছতো আমি এটা ছেকেণ্ড এনে পিছ পৰিব নলগাৰ ঠাইত বছৰ
    খনে পিছুৱাই গ'ল । বিশেষকৈ কবলৈ গ'লে শিক্ষাৰ জগতখন ।
    ২। মাত্ৰ জীয়াই থকাৰ বাবে সকলো পাহৰি তাতো হাৰ মানিব লগা হৈছে
    ৩। দেশৰ ভবিষ্যত শিশু সকল সঠিক পথত আগবাঢ়িব নোৱাৰিলে দেশৰে অন্ধকাৰ । এই কথাষাৰৰ ওপৰত পৰা প্ৰভাৱ ।
    ৩। কৰ্ম সংস্থাপন নথকা আৰু
    সাধাৰণ ভাৱে জীয়াই থকা সকলোৰ জীৱনত পৰা প্ৰভাৱ ।






    ব্যৱহাৰ কৰিলে

    ReplyDelete
  22. মোৰ জীৱনত কভিদ ১৯ এ বহুতো পৰিবৰ্তন আনিছে যেনে মই ঘৰৰ কামবোৰ ভাল দৰে কৰিব পাৰি, পৰিয়ালৰ সদস্যৰ লগত সময় দিব পাৰি, কভিদ ১৯ এ আমাৰ জীৱনত বহুতো বেয়া প্ৰভাৱ পেলাইছে যেনে আমাৰ কৰ্ম ক্ষেত্ৰত উপস্থিত হৈ কাম কৰিব পৰা নাই, আমাৰ ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ত যাব পৰা নাই, আমাৰ মানব জাতিৰ অস্তিত্বৰ ওপৰত ভাবুকি আনিছে, আমি অৰ্থনেতিক ভাবে খতিগ্ৰস্ত হৈছো আৰু মনসিক ক্ষেত্ৰতো প্ৰভাৱ পৰিছো

    ReplyDelete
  23. Shahinur Islam From Bongaigaon,
    কভিদ ১৯ এ মানব জীৱনত বহুতো ভাল প্ৰভাৱ পেলাইছে যেনে মই ঘৰৰ সকলো কাম কৰিব পাৰি, পৰিয়ালৰ সদস্যৰ লগত ভালদৰে সময় দিব পাৰি, আমি আমাৰ নিজৰ কামবোৰ কৰিব পাৰি, কভিদ ১৯ এ আমাৰ জীৱনত বহুতো বেয়া প্ৰভাৱ পেলাইছে যেনে আমি আমাৰ কৰ্ম ক্ষেত্ৰত উপস্তিত হৈ কাম কৰিব নোৱাৰোঁ, আমাৰ ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়লৈ যাব পৰা নাই, মানৱ জাতিৰ প্ৰতি ভাবুকি আনিছে, মানুহৰ দৈনন্দিন জীৱনত চলা ফুৰা কৰাত অসুবিধা হৈছে, আমাক মানসিক বাবে ক্ষতিগ্ৰস্ত কৰিছে।

    ReplyDelete
  24. Covid -19
    ই এটা সংক্ৰামক ৰোগ। বৰ্তমান গোটেই পৃথিৱীতে এইৰোগে মানুহৰ আতংকৰ সৃষ্টি কৰিছে ।এইৰোগৰ পৰা ৰক্ষা পাবলৈ নতুন মাস্ক ব্যৱহাৰ কৰিব পাৰি আৰু ছেনিটাইজাৰ ব্যৱহাৰ কৰিব পাৰি আৰু সামাজিক দূৰত্ব বজাই ৰাখিব লাগে। এইৰোগৰ পৰা ৰক্ষা পাবলৈ আমি সকলোৱে ভেকচিন লব লাগে। বজাৰৰ বস্তু ভালদৰে ধুই-পখালি লৈ ব্যৱহাৰ কৰিব লাগে ।

    ReplyDelete
  25. Covid19
    এই এক ভয়ংকৰ মহামাৰীৰ ৰোগ। বৰ্তমান বিশ্বজুৰি মহা সন্ত্ৰাসৰ সৃষ্টি কৰিছে। মোৰ জীৱনত প্ৰভাৱ পেলাইছে । দৈনন্দিন ঘৰৰ কাম কাজত সহায় সহযোগ কৰিব কৰিছোঁ। মই মোৰ কৰ্ম স্থলীত কাম কৰিব পৰা নাই বিদ্যালয়ৰ লৰা ছোৱালীক মই কিছু শিকাইছো লগতে মই শিকিছিলো সিকিছো লৰা ছোৱালীৰ পৰা মোৰ বাবে আটাইতকৈ বেছি প্ৰভাৱ পৰিছে । Covid 19 মহামাৰীয়ে ।

    ReplyDelete
  26. The good and bad impact of covid-19 pandemic in our life.
    Good impact.
    1.covid situation learn us we must improving ourself.
    2. planting free.
    3.make videograph.
    4.make origami.
    bad impact.
    1.i can't go to out side.
    2.i can't go to church.
    3. some time feel boring.

    ReplyDelete
  27. Rowshonara khatun
    From Bongaigaon
    কোবিধ -১৯ ৰ ফলত পৰা বেয়া প্ৰভাৱ বোৰ হ'ল""""""""""""""""""""""""""""""""""
    ১।ছাত্ৰ-ছাত্ৰীয়ে স্কুলীয়া শিক্ষা ৰ পৰা বিৰত হৈ আছে।
    ২। আমি নিজৰ ছাত্ৰ-ছাত্ৰী ক লৈ নিজৰ কৰ্ম স্থানত গৈ কাম কৰিব পৰানাই।
    ৩। বন্দ - বন্দ কৰি কামৰ প্ৰতি উদাসীন মনোভাৱৰ সৃষ্টি হৈছে।
    ৪।মৃত্যু ৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত মানসিক টেনশন বৃদ্ধি পাইছে ।
    ৫।
    কোবিধ -১৯ ফলত পৰা
    বেয়া প্ৰভাৱ বোৰ হ'ল """""":""""""""
    ১। প্ৰদূষন মুক্ত পৰিৱেশৰ সৃষ্টি হৈছে।
    ২। মাক্স পৰিধান কৰিব পৰা শিকিলো।
    ৩। কিচচেন গাৰডেন কৰিবলৈ শিকি আছো।
    ৪।ঘৰৰ মানুহৰ লগত সময় কটোৱাবলৈ সক্ষম হৈছো।
    ৫।কিছুমান প্ৰয়োজনীয় বস্ত অথবা টকা থাকিলে যে সকলো বস্তু সকলো সময়তে পোৱা নাযায় তাক বুজি পালো।

    ReplyDelete
  28. ক'ভিড মহামাৰীয়ে মানৱ জাতিৰ দৈনন্দিন জীৱনত এক অনাকাংক্ষিত পৰিৱৰ্তন ঘটাইছে।ই আমাৰ জীৱনতও যথেষ্ট প্ৰভাৱ পেলাইছে।যিকোনো ঘটনা-পৰিঘটনাৰ দুয়োটা দিশই বিচাৰি পোৱা যায়। তাৰে কিছু আভাষ দিয়া হ'ল।
    কভিড মহামাৰীৰ ভাল প্ৰভাৱ:
    কভিড মহামাৰীৰ ভাল প্ৰভাৱ নাই বুলিয়েই কব পাৰি যদিও ই আমাক কিছু ভিন্ন অভিজ্ঞতা দিছে। যেনে: কভিডে আমাক সজাগতাৰ গুৰুত্ব ও সাৱধানতাৰ মূল্য বুজাইছে।সমগ্ৰ বিশ্বজুৰি লকডাউনৰ বাবে সকলো প্ৰকাৰৰ ‌যন্ত্ৰ বন্ধ হৈ পৰাত আমি বায়ু প্ৰদূষণ,শব্দ প্ৰদূষণ, পথ দুৰ্ঘটনা আদিৰ পৰা কিছু পৰিত্ৰাণ পাইছোঁ। নিজ পৰিয়াল ও সন্তানক পৰ্যাপ্ত সময় দিব পাৰিছোঁ। কম-বেছি পৰিমাণে কম্পিউটাৰ, ম'বাইল, ইন্টাৰনেটৰ বিভিন্ন ব্যৱহাৰ শিকিছোঁ।
    কভিডৰ‌ কু-প্ৰভাৱ:
    আমাৰ দৈনন্দিন জীৱন শৈলীৰ আকস্মিক পৰিৱৰ্তনে মানসিক দুৰ্বলতা বৃদ্ধি কৰিছে।আমাৰ আৰ্থিক স্বচ্ছলতাৰ প্ৰতি ভাবুকি আনিছে।আমাক সামাজিক দায়বদ্ধতাৰ প্ৰতি উদাসীন কৰিছে।
    মেহেজবীন হুছাইন,
    বঙাইগাঁও।

    ReplyDelete

Post a Comment

Popular posts from this blog

DEREK- a village full of greenery

মোৰ গাওঁ