গীজুভাই বাধেকাৰ “দিবাস্বপ্ন”
অসমীয়া অনুবাদ: অস্মিতা কলিতা
অলংকৰণ: অৰূপ বৈশ্য
( গিজুভাই বাধেকা এগৰাকী প্ৰখ্যাত শিক্ষাবিদ।
তেখেতৰ দ্বাৰা মূল গুজৰাটী ভাষাত ৰচিত “দিবা স্বপ্ন” গ্ৰন্থখন
আমাৰদেশত মণ্টেচৰী শিক্ষা পদ্ধতিৰ প্ৰয়োগৰ এক মনোৰম কাহিনী। এই গ্ৰন্থ খনৰ কিয়দাংশ
ছোৱা ছোৱাকৈ অসমীয়ালৈ অনুবাদ কৰি ইয়াত প্ৰকাশ
কৰিবলৈ লোৱা হৈছে। আশাকৰো পঢ়ুৱৈসকলে গ্ৰন্থখনৰ অসমীয়া অনুবাদ পঢ়ি ভাল পাব।)
গীজুভাই বাধেকাৰ
চমু জীৱনী
গীজুভাই বাধেকা গুজৰাটৰ ভাৱনাগৰ নামৰ ঠাই এখনত ডাঙৰ-দীঘল হৈছিল। তেওঁ সাধাৰণতে গীজুভাই নামেৰে পৰিচিত।
১৮৮৫ চনৰ ১৫ নৱেম্বৰ তাৰিখে এইগৰাকী শিক্ষাবিদৰ
জন্ম হৈছিল। মন্তেশ্বৰী শিক্ষা পদ্ধতি ভাৰতত পৰিচিত কৰোৱাৰ ক্ষেত্ৰত তেওঁৰ যথেষ্ট
অৰিহণা আছে।
সেই সময়ৰ শিক্ষা
ব্যৱস্থাৰ তেওঁ বিৰোধ কৰিছিল। শিক্ষা ব্যৱস্থাত বছৰৰ শেষত থকা পৰীক্ষা পদ্ধতি তেওঁ
পছন্দ কৰা নাছিল। তেওঁ সেই সময়ৰ শিক্ষা ব্যৱস্থাৰ বিপৰীতে কিছু নতুন পদ্ধতি আৰু ধাৰণা
প্ৰয়োগ কৰিব বিচাৰিছিল। তেওঁৰ মতে বিদ্যালয় এনে এখন ঠাই হ’ব লাগে য’ত শিশুসকলে মুক্তমনে
আনন্দেৰে শিকিব পাৰে। শিক্ষকক শিশুৱে ভয় কৰিব
নালাগে তথা তেওঁ বন্ধুস্বৰূপ হ’ব লাগে। বিদ্যালয়ত শিশুসকলৰ শিকাৰ প্ৰতি ধাউতিৰ বিকাশ হ’ব লাগে।
গীজুভাই এগৰাকী
উকীল আছিল। কিন্তু ১৯১৩ চনত তেওঁৰ এটি পুত্ৰ সন্তান জন্ম হয় আৰু ইয়ে তেওঁক শিশুৰ লালন-পালন
আৰু শিশুৰ বিকাশ সম্বন্ধে চিন্তা কৰিবলৈ আগ্ৰহী কৰি তোলে।
১৯২০ চনত তেখেতে প্ৰাক-প্ৰাথমিক স্তৰৰ এখন “বালমন্দিৰ” স্থাপন কৰে।
শিক্ষা সম্বন্ধে
অধ্যয়ন কৰি থাকোতে বাধেকাই মাৰিয়া মন্তেশ্বৰী সম্বন্ধে জানিবলৈ পায়। মন্তেশ্বৰীৰ ধাৰণা
সন্দৰ্ভত তেওঁ ইমানেই প্ৰভাৱান্বিত হয় যে আইনৰ অনুশীলন এৰি নিজকে শিশু আৰু শিক্ষাৰ
বাবে সমৰ্পিত কৰি দিয়ে। শিক্ষা বিষয়ত “দিবাস্বপ্ন”কে ধৰি আৰু বহুতো গ্ৰন্থ তেওঁ প্ৰকাশ
কৰি থৈ গৈছে।
দিবা স্বপ্ন
প্ৰয়োগৰ আৰম্ভণি
(১)
যেতিয়া মই কেৱল
পঢ়িছিলো আৰু ভাবিছিলো তেতিয়া বহুতো কথাই বুজিছিলো,
কিন্তু মোৰ ব্যৱহাৰিক অভিজ্ঞতা নাছিল। মই ভাবিছিলো যে মোৰ আগতীয়া কিছু ব্যৱহাৰিক অভিজ্ঞতা
থকা উচিত। তেতিয়াহে মোৰ বিচাৰ ধাৰা পৰিপক্ক হ’ব। তেতিয়াহে মোৰ আজিৰ কল্পনাত কিমানখিনি
সত্যতা আছে গম পোৱা যাব।
মই শিক্ষা বিভাগৰ এগৰাকী উচ্চ বিষয়াৰ ওচৰলৈ গৈছিলো আৰু তেওঁক মিনতি কৰিছিলো যেন তেওঁ মোক প্ৰাথমিক বিদ্যালয়ৰ এটা শ্ৰেণী প্ৰয়োগৰ বাবে দিয়ে।
বিষয়াগৰাকীয়ে
হাঁহি উত্তৰ দিছিল, ”বাদ দিয়া, এই কাম তোমাৰ দ্বাৰা নহ’ব। সৰু ল’ৰা-ছোৱালীক পঢ়ুউৱা,
সেয়াও প্ৰাথমিক স্তৰৰ, সহজ কথা নহয়। এইটো একধৰণৰ
কষ্টকৰ কাম। তুমি এগৰাকী লেখক আৰু বিচাৰকো। মেজত বহি লিখা সহজ আৰু কল্পনাত পঢ়োৱাও সহজ।
কিন্তু প্ৰত্যক্ষভাৱে তাৰ অনুশীলন কৰা আৰু তাৰ ৰূপায়ণ কৰাটো কঠিন।“
মই কৈছিলো,”সেইবাবেই
মই নিজেই হাতে কামে কৰিব বিছাৰিছো। মোৰ কল্পনাবোৰ মই বাস্তৱত ৰূপায়ণ কৰিব বিচাৰো।“
“যদি তোমাৰ ইচ্ছা আছে তেন্তে তুমি এবছৰৰ বাবে হাতে কামে কৰি চোৱা। প্ৰাথমিক বিদ্যালয়খনৰ চতুৰ্থ শ্ৰেণটো তোমাক দিয়া হ’ল। এইখন তাৰ পাঠ্যক্ৰম, এইবোৰ শ্ৰেণীটোৰ বাবে লাগতিয়াল কেইখনমান পাঠ্যপুথি আৰু এইখন শিক্ষা বিভাগৰ ছুটীৰ কিছু নিয়মাৱলী।“—বিষয়াগৰাকীয়ে কৈছিল।
মই অতি আগ্ৰহেৰে
সকলোবোৰ নিৰীক্ষণ কৰিলো। পাঠ্যক্ৰমখিনি হাতত লৈ জেপত ভৰালো আৰু পাঠ্যপুথিসমূহ একগোট
কৰি ল’লো।
বিষয়াগৰাকীয়ে
ক’লে, “চোৱা, বিচৰা ধৰণে প্ৰয়োগ কৰাৰ স্বাধীনতা তোমাক দিয়া হৈছে, ইয়াৰ বাবেই তুমি আহিছা।
কিন্তু মনত ৰাখিবা যে বাৰ মাহৰ পিছত পৰীক্ষা হ’ব আৰু তোমাৰ কাম পৰীক্ষাৰ দ্বাৰা জোখা
হ’ব। “
“মই সন্মত”—মই
ক’লো—“কিন্তু মোৰ এটা চৰ্ত আছে , পৰীক্ষক আপুনি স্বয়ং হ’ব লাগিব। প্ৰয়োগৰ স্বতন্ত্ৰতা
যিহেতু আপুনি দিছে, গতিকে প্ৰয়োগৰ বিধিও আপোনাক দেখাব পাৰিলে সন্তোষ পাম। মোৰ সফলতা
আৰু বিফলতাৰ কাৰণো আপুনি বুজিব পাৰিব।“
বিষয়া গৰাকীয়ে স্বীকৃতিসূচকভাৱে হাঁহি মূৰ দূপিয়ালে আৰু মই কাৰ্যালয়ৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ। ( অহা সংখ্যাত)
Very nice . I read it.
ReplyDeleteThough I read English version, interesting to see its Assamese one. Tried to read again.
ReplyDeleteGood attempt and good idea, good work Asmita
Though I read English version, interesting to see its Assamese one. Tried to read again.
ReplyDeleteGood attempt and good idea, good work Asmita.
Also commendable job Arup!
পঢ়ি ভাল লাগিল।
ReplyDeletePhori Bhal lagise.
ReplyDeleteSignificant work. Try to make it weekly series. Every episode should have at least two illustrations. Arup's lines are strong, keep it up. Dibaswapna is an important milestone in the education scenerio of India. Anyone working in education sector and interested in parenting should read the book.
ReplyDeleteThis comment has been removed by the author.
ReplyDeleteVery nice, keep it up 👍
ReplyDeleteইংৰাজীত পঢ়িছীলো যদিও অসমীয়াত পঢ়িব পাই বহুত ভাল লাগিল। আশা কৰোঁ অস্মিতা বাইদেওৰ অনুবাদ আৰু অৰুপৰ অংকনেৰে গ্ৰন্থখন শেষলৈ পঢ়িব পাম।
ReplyDeletenice porhi bhute val lagil
ReplyDeleteভাল লাগিল পঢ়ি। পিছৰ খিনিও এনেদৰে পঢ়িব পাম বুলি আশা ৰাখিলো।।
ReplyDeleteHopeful to the next....
ReplyDeleteGood work and hope the objective become fullfill. Amazing illustration.
পঢ়ি ভাল লাগিল।
ReplyDeleteপঢ়ি ভাল লাগিল। পিছলৈ আকৌ পঢ়িবলৈ পাম বুলি আশা কৰিলো।
ReplyDeleteনাট্য ৰাভা
Deleteপঢ়ি বহুত ভাল লাগিছে।
ReplyDeletePori born val lagil
ReplyDeleteVal lagise pori
ReplyDeleteপঢ়ি খুবে ভাল লাগিল
ReplyDeleteকাহিনী টো পঢ়িলো আৰু বহুত ভাল ভাল কথা জানিব পাৰিলো
ReplyDeleteঅসমীয়াত পঢ়িবলৈ পাই ভাল লাগিল।
ReplyDeleteপঢ়িভাল লাগিল। তেখেতৰ দূৰদৰ্শীতা সঁচাকৈ ভাবিবলগীয়া কথা।
ReplyDeleteVery good sir
ReplyDeletePori val lagil
ReplyDeleteVal lagisa
ReplyDeleteঅসমীয়া ভাষাত পঢ়িবলৈ পাই ভাল লাগিল। তেখেতে প্ৰয়োগ কৰা কৌশল সমুহ বৰ্তমান সময়ৰ শ্ৰেনী কোঠাত অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে।
ReplyDeleteমই পঢ়িবলৈ পাই সুখ অনুভব কৰিলো।
ReplyDelete