জৈৱিক সাৰৰ প্ৰস্তুতি আৰু ইয়াৰ উপকাৰিতা
গগন লহকৰ
জৈৱিক সাৰৰ ব্যৱহাৰ বৰ্তমান সময়ত একেবাৰে কম পৰিমানে হয়। কিন্তু জৈৱিক সাৰ ব্যৱহাৰে মানৱ জীৱনত কিমান উপকাৰ সাধন কৰে আমাৰ ভাবিবলৈ এবাৰো সময় নাই। বৰ্তমান ধান খেতি কৰাৰ সময়, এই সময়তে কিমান কৃষকে নিজৰ শস্যৰ পৰিমাণ বঢ়াবলৈ ৰয়াসিনক সাৰ প্ৰয়োগ কৰিব তাৰ কোনো হিচাপ নাই। গতিকে আমি জৈৱিক সাৰ ব্যৱহাৰৰ উপকাৰিতা সম্পৰ্কে মানুহক সজাগ কৰি ইয়াৰ ব্যৱহাৰ তথা পৰিমাণ বৃদ্ধি কৰিব লাগে। জৈৱিক সাৰ ব্যৱহাৰৰ উপযোগিতা সমূহ যেনে-
১) জৈৱিক সাৰৰ ব্যৱহাৰে মাটিৰ গুণাগুণ নষ্ট নকৰে।
২) জৈৱিক সাৰৰ ব্যৱহাৰে পৰিবেশৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰে।
৩) জৈৱিক সাৰৰ ব্যৱহাৰে মাটিত থকা বিভিন্ন কীট-পতঙ্গৰ কোনো ধৰণৰ অনিষ্ট সাধন নকৰে।
৪) জৈৱিক সাৰে মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে।
৫) জৈৱিক সাৰৰ ব্যৱহাৰ কম খৰচী হয়।
এইবোৰ উপযোগিতা আমাৰ কৃষক সকলক অৱগত কৰোৱা আমাৰ দায়িত্ব। লগতে জৈৱিক সাৰৰ ব্যৱহাৰ আৰু পৰিমাণ বৃদ্ধি কৰাত ভূমিকা লোৱা উচিত।
Nice thinking
ReplyDeleteNice, I read it,
ReplyDeleteপঢ়ি ভাল লাগিল l আমি জৈৱিক সাৰ তৈয়াৰ কৰাৰ চেষ্টা কৰিম l
ReplyDeleteGood. Continue writing.
ReplyDeleteThis comment has been removed by the author.
ReplyDeleteInformative
ReplyDelete