গিজুভাই বাধেকাৰ "দিবাস্ৱপ্ন"- খণ্ড-২
অনুবাদ : অস্মিতা কলিতা
অলংকৰণ: অৰূপ বৈশ্য
গিজুভাই বাধেকা (১৮৮৫-১৯৩৯) এগৰাকী প্ৰখ্যাত শিক্ষাবিদ।। তেখেতৰ দ্বাৰা মূল গুজৰাটী ভাষাত ৰচিত “দিবা স্বপ্ন” গ্ৰন্থখন আমাৰদেশত মণ্টেচৰী শিক্ষা পদ্ধতিৰ প্ৰয়োগৰ এক মনোৰম কল্প কাহিনী। এই গ্ৰন্থ খনৰ কিয়দাংশ ছোৱা ছোৱাকৈ অসমীয়ালৈ অনুবাদ কৰি ইয়াত প্ৰকাশ কৰিবলৈ লোৱা হৈছে। আশাকৰো পঢ়ুৱৈসকলে গ্ৰন্থখনৰ অসমীয়া অনুবাদ পঢ়ি ভাল পাব।
দিবা স্বপ্ন
(যোৱা সংখ্যাৰ পিছৰ পৰা)
(২)
মই সম্পূৰ্ণ পাঠ্যক্ৰম পঢ়ি চাইছিলোঁ। মোৰ এনেকুৱা লাগিছিল
যে কিছু সাল-সলনি কৰিব পৰা যায়।এবাৰ পাঠ্য-পুথিসমূহতো চকু ফুৰালো। ভুল-ত্ৰুটিসমূহ চকুত
পৰিল। শুধৰাব লগাখিনি ভাবি ল’লো। প্ৰথম দিনৰ পৰা শেষৰ দিনলৈ চিত্ৰপট এখন গঢ় লৈ উঠিল।
পৰীক্ষা আৰু তাৰ ফলাফলৰ দিনৰো কল্পনা কৰিলো। গোটেই বছৰটো কেনে হ’ব আৰু তাৰ ফলাফল কেনেধৰণৰ
হ’ব তাৰ এক ধাৰণাও কৰি ল’লো। এইবোৰ বিচাৰ কৰি থাকোতে ৰাতি দুই কেতিয়া বাজিল গমেই নাপালো।কাইলৈৰ
টোকা প্ৰস্তুত কৰি পুৱতি নিশা তিনি বজাত মই শুই পৰিলো।
ৰাতিপুৱা হ’ল। উৎসাহ, আত্ম-বিশ্বাস আৰু ততাতয়াৰ মাজেৰে দিনটোৰ
আৰম্ভণি হ’ল। গা ধুই কিছু আহাৰ গ্ৰহণ কৰি মই তৃতীয় শ্ৰেণীৰ কোঠাত ঠিক সময়ত গৈ উপস্থিত
হ’লো। তেতিয়া বিদ্যালয় খোলা নাছিল। প্ৰধান শিক্ষকো আহি পোৱা নাছিল। পিয়নজনে তেওঁৰ ঘৰলৈ
ছাবি আনিবলৈ গৈছিল। ৰাষ্টাৰ ফালে ছাত্ৰ-ছাত্ৰীসকলৰ অহা-যোৱা চলি আছিল।
মই ৰৈ আছিলো কেতিয়া বিদ্যালয় আৰম্ভ হ’ব আৰু কেতিয়াৰ পৰা শ্ৰেণীটোক
ঠিক কৰি মই মোৰ কাম আৰম্ভ কৰিব পাৰিম? কেতিয়া নতুন কৌশল আৰম্ভ কৰিব পাৰিম? কেতিয়া নতুন
কৌশল প্ৰয়োগ কৰিব পাৰিম? কেতিয়া ব্যৱস্থা আৰু শান্তি স্থাপন কৰো? কেতিয়া ৰসিকতাৰে পাঠ
আৰম্ভ কৰিম? কেতিয়া ছাত্ৰসকলৰ মন জিনিব পাৰিম? সেইখিনি সময়ত ছাগে মোৰ শৰীৰত তীব্ৰ গতিত
ৰক্ত প্ৰবাহিত হৈ আছিল।
ঘণ্টা বাজি উঠিল। ছাত্ৰ-ছাত্ৰীসকল শ্ৰেণীকোঠাত আহি বহিল,
প্ৰধান শিক্ষক মোৰ সৈতে আহি শ্ৰেণীকোঠাটো দেখুৱাই শিক্ষাৰ্থীসকলক ক’লে, “এওঁ লক্ষ্মীশংকৰ
মহাশয়, আজিৰ পৰা তোমালোকৰ শিক্ষক। এখেতে যিধৰণে কয় সেইধৰণে কৰিবা। এওঁৰ আজ্ঞা মানি
চলিবা, উৎপাত নকৰিবা।“
প্ৰধান শিক্ষকে কৈ থাকোতে মই মোৰ বাৰ মাহৰ সংগীসকলক সন্মুখৰ
পৰা চাই আছিলো। কিছুমানে হাঁহিছে, এজনে-আনজনৰ পিনে চাই চকু টিপ মাৰিছে, মূৰ দূপিয়াইছে,
কিছুমানে ধেমালি আৰু বিস্ময়েৰে চালে আৰু কিছু সংখ্যকৰ কোনো ধৰণৰ গুৰুত্ব নাছিল।
মই চালো যে এই শিক্ষাৰ্থীসকলক মই পঢ়াব লাগিব। এই বিচিত্ৰ
ধৰণৰ শিশুবোৰক! মনত অলপ চিন্তা হ’ল। তথাপি নিজকে ক’লো,”চিন্তাৰ কোনো কথা নাই। সকলো
ঠিকেই হ’ব।“
আগ নিশা তৈয়াৰ কৰা টোকাবোৰ মই জেপৰ পৰা উলিয়ালো, তাত থকা
কাৰ্যক্ৰমৰ তালিকাখনলৈ চকু ফুৰালো, লিখা আছিল: প্ৰথম নীৰৱতাৰ খেল, দ্বিতীয়তে শ্ৰেণীৰ
চাফ-চিকুণতাৰ প্ৰতি লক্ষ্য,তাৰ পিছত দলীয়ভাৱে গীত, কথা-বতৰা আদি।
মই শিক্ষাৰ্থীসকলক ক’লো,” আহা, আমি নীৰৱতাৰ খেল খেলো। চোৱা,
মই ওম শান্তি যেতিয়া ক’ম তেতিয়া তোমালোকে মনে মনে বহিবা। কোনেও ইফাল-সিফাল নকৰিবা।
মই দুৱাৰ বন্ধ কৰিম। কোঠাটো আন্ধাৰ হ’ব। তোমালোক সকলোৱে শান্ত হৈ থাকিবা। ওচৰৰ শব্দবোৰ
শুনিবলৈ পাবা। সেইবোৰ শুনি তোমালোকৰ ভাল লাগিব। মাখিৰ ভুনভুননি শুনিবলৈ পাবা। আনকি
নিজৰ উশাহো শুনিবলৈ পাবা। তাৰ পিছত মই গান গাম আৰু তোমালোকে শুনিবা।“
ইমান খিনি কৈ মই নীৰৱতাৰ খেল আৰম্ভ কৰিলো। মই ওঁম শান্তি ক’লো, কিন্তু শিক্ষাৰ্থীসকলে ইজনে আনজনক গতিয়াই দিয়া আৰু কথা পতাত মগ্ন হৈ থাকিল। । দুই-চাৰিবাৰ কোৱা হ’ল কিন্তু একো প্ৰভাৱ নপৰিল। মই অস্থিৰ হৈ পৰিলো। তেওঁলোকৰ ওপৰত মই চিঞৰিব বা হাত উঠাবও নোৱাৰো। যিয়েই নহওঁক, মই আগ বাঢ়ি গৈ খিড়িকীকেইখন বন্ধ কৰিলো। কোঠাটো আন্ধাৰ হ’ল। শিক্ষাৰ্থীসকলৰ মাজৰ পৰা কিছুমানে ও-ও, আউ-আউ শব্দ কৰিব ধৰিলে , কিছুমানে ধ্ম-ধ্মকৈ ভৰিৰে শব্দ কৰিব ধৰিলে। তাৰ মাজতে এজনে হাতেৰে তালি বজালে আৰু সকলোৱে তালি বজাব ধৰিলে। এজনে হাঁহি দিয়াত বাকীবোৰেও হাঁহিব ধৰিলে। মই লজ্জিত অনুভৱ কৰিলো। খিড়িকীকেইখন খুলি দিলো আৰু কিছু সময়ৰ বাবে কোঠাটোৰ পৰা বাহিৰলৈ গৈ আকৌ ভিতৰলৈ আহিলো। গোটেই শ্ৰেণীকোঠাটোত এক অশান্ত পৰিৱেশে বিৰাজ কৰিছিল। শিক্ষাৰ্থীসকলে ইজনে-আনজনক ওঁম শান্তি কৈ আছিল। কিছুমানে নিজে থিয় হৈ খিড়িকী বন্ধ কৰি আছিল।
মই ভাবিলো- “মই প্ৰস্তুত কৰা টোকাবোৰ এনেই গ’ল। ঘৰত বহি টোকা
প্ৰস্তুত কৰি পঢ়োৱাৰ কল্পনা কৰাটো সহজ কিন্তু বাস্তৱত ইয়াক ৰূপায়ণ কৰাটো কঠিন। এনেধৰণৰ
শ্ৰেণীকোঠা এটাত নীৰৱতাৰ খেলৰ কথা কোৱাটো অৰ্থহীন। কিন্তু চিন্তাৰ কোনো বিষয় নাই। ভালেই
হ’ল যে প্ৰথম পদক্ষেপতেই মই পিছ পৰি ৰ’লো। কাইলৈৰ পৰা নতুন ধৰণেৰে আৰম্ভ হ’ব।“
মই শ্ৰেণীকোঠালৈ
আহি শিক্ষাৰ্থীসকলক ক’লো,” আজি আৰু বিশেষ একো নকৰো। কাইলৈৰ পৰা আমাৰ নতুন কাম আৰম্ভ
হ’ব। এতিয়া তোমালোকৰ ছুটী।“
ছুটী বুলি কোৱাৰ
লগে লগে সকলোৱে ছুটী ছুটী বুলি চিঞৰি বাহিৰলৈ ওলাই গ’ল। আন শ্ৰেণীৰ শিক্ষক তথা শিক্ষাৰ্থীসকলো
আচৰিত হ’ল। প্ৰধান শিক্ষক মোৰ ওচৰলৈ আহিল আৰু
খঙত সুধিলে,” আৰু দুঘণ্টা থাকোতে আপুনি ছুটী কিয় দিলে?”
মই ক’লো,”আজি তেওঁলোকৰ মেজাজ নাছিল। তেওঁলোক বিৰক্ত হৈ পৰিছিল।
নীৰৱতাৰ খেল খেলি থকাৰ সময়ত অনুভৱ কৰিলো।“
“কিন্তু এইদৰে অনুমতি অবিহনে আপুনি ছুটী দিব নোৱাৰে। এটা
শ্ৰেণীৰ শিক্ষাৰ্থীসকলক যদি ছুটী দিয়া হয় তেন্তে বাকী শ্ৰেণীৰ শিক্ষাৰ্থীসকলে পঢ়াত
কেনেদৰে মন দিব? আপোনাৰ এনেধৰণৰ প্ৰয়োগ ইয়াত নচলিব”-প্ৰধান শিক্ষকে কিছু টানকৈ ক’লে।
তেওঁ আকৌ ক’লে,“আপোনাৰ মেজাজ বা ভাল লগা-বেয়া লগা বাদ দিয়ক।
নীৰৱতাৰ খেল মণ্টেশ্বৰী বিদ্যালয়ত খেলা হয়। ইয়াত প্ৰাথমিক বিদ্যালয়ত এটা থাপ্পৰে সকলোকে
মৌন কৰি দিব পাৰে। আপুনিও আন শিক্ষকসকলৰ দৰে একে ধৰণে পঢ়াওক যাতে বছৰেকীয়া পৰীক্ষাত
ভাল ফল দেখুৱাব পাৰে। আজিৰ দিনটো আপুনি হেৰুৱালে আৰু নিজকে মূৰ্খ সজালে।“
মোৰ প্ৰধান শিক্ষকৰ ওপৰত দয়া উপজিল। মই ক’লো,” মহাশয়, বেত্ৰাঘাটৰ
ব্যৱহাৰ কৰি পঢ়োৱাৰ ধৰণ সকলোৱে প্ৰয়োগ কৰে । ইয়াৰ ফলাফল আমি সকলোৱে দেখিবলৈ পাইছো যে
শিক্ষাৰ্থীসকল ভীষণ অসভ্য,উৎপতীয়া,অশান্ত আৰু
মেজাজী। মই এইটো দেখিবলৈ পাইছো যে এই চাৰি বছৰীয়া শিক্ষাৰ পিছতো শিক্ষাৰ্থীসকলে কেৱল
চিঞৰা আৰু তালি বজোৱাটোহে শিকিছে। সিহঁতে বিদ্যালয়লৈ আহিবলৈ ভাল নাপায়। ছুটীৰ নাম শুনিলেই
তেওঁলোকে আনন্দেৰে দৌৰিব ধৰে।“ প্ৰধান শিক্ষকে ক’লে,” তেনেহ’লে আপুনি এতিয়া কি কৰিব
আমি দেখিম।“
উদাস মন এটা লৈ মই ঘৰলৈ উভতিলো। শুই শুই মই চিন্তা কৰিলো,”কামটো
বৰ সহজ নহ’ব। কিন্তু ইয়াতেই মোৰ আচল পৰীক্ষা হ’ব। কোনো চিন্তা নাই। বিশ্বাস হেৰুৱাব
নালাগে। এনেদৰে কোনেও নীৰৱতাৰ খেল খেলোৱা নাই। মণ্টেশ্বৰী বিদ্যালয়তো ইয়াৰ বাবে আগতীয়াকৈ
প্ৰস্তুতি কৰা হয়। প্ৰথম দিনাই এই খেলটো খেলিব দি মইও মূৰ্খামি কৰিলো। আগতে মই তেওঁলোকৰ
লগত ভাল সম্পৰ্ক গঢ়ি তুলিব লাগিছিল। তেতিয়াহে মই কোৱা কথাবোৰ সিহঁতে শুনিব আৰু কৰিব।
যেতিয়া বিদ্যালয়ত থকাতকৈ ছুটী বেছি প্ৰিয় হ’ব তেনে ক্ষেত্ৰত কাম কৰাটো সহজ নহয়।
পিছদিনাখনৰ কামৰ পৰিকল্পনা কৰি মই শুবলৈ গ’লো। নিশাটো দিনটোৰ
ঘটনা ভাবোতে আৰু কাইলৈৰ কথা চিন্তা কৰোতে পাৰ হ’ল। (আগলৈ)
পঢ়ি ভাল লাগিল।
ReplyDeleteNatya Rabha
DeleteVery nice
ReplyDeletePoi val lagise
ReplyDeletePRI val lagise
ReplyDeletePori val lagise
ReplyDeleteIt is interesting to note that the protagonist idientified that personal rapport is the key to initiate change. Mutual understanding and respect to each other's feelings is extremely important between teacher and students. The initial failure of the protagonist gives us the taste of reality which looks like still relevant after a century.
ReplyDeleteThis comment has been removed by the author.
ReplyDeleteI read this.
ReplyDeleteপঢ়ি ভাল লাগিল ।
ReplyDeletePorhi Bohut Bhal Lagil, Aru Aneki Likhi Thakibo Buli Akha Rakhilu.
ReplyDeleteTranslate and illustration very nice👌👌. Wait for the next...
ReplyDeletePori Bhal lagil
ReplyDelete