অনুৰোধৰবন্তিঃ                                                  

            ~  বদিউৰ জামান

 

হে আই....

হে মোৰ মাতৃভূমি...

এচেৰেঙা পোহৰৰ আশাত

অনুৰোধৰ বন্তি জ্বলাইছো..

মোৰ সুখাভিলাষী শৈশৱৰ আলিবাটত

নৰক নাসাজিবা,

পুতলা খেলৰ সতেই মই

জীৱনৰ সোৱাদ লম

য’ত অনুদ্বেগ হব মোৰ কুমলীয়া শৈশৱ ৷

 

তোমালোকৰ মনত মই বাৰু

কেনেকৈ অৱহেলিতৰ ভাজন হলোঁ?

কিয় মোক অপ্ৰত্যাশিত কৰ্মৰ

জালত বন্দী কৰিব বিচাৰিছা ?

 

বোৱাৰী সাজেৰে সজ্জিত হৈ

আনৰ চোতাল

শোভাবৰ্ধন কৰিবলৈ

মোৰ মনে বিচৰা নাই,

শতবাৰ কৰযোৰ কৰিছো

                           

মৰহি যাবলৈ নিদিবা

মোৰ সুখাভিলাষী স্কুলীয়া শৈশৱক.... 

 

দৰিদ্ৰতা মাথোঁন,

নিদিওঁ দুৰ্বলতাক প্ৰশ্ৰয়

মোৰ এই ব্যথিত জীৱনত

মোৰো এটা সপোন আছে

বাস্তৱায়িত হব এদিন

সফলতাৰ বাকৰিত ৷

Comments

  1. I liked the poem. Keep it up Badiur !!

    ReplyDelete
  2. বদিউৰ , ভাল লাগিল কবিতাতো। আশা থাকিল নতুন লেখনী আকৌ পঢ়িব পাম।

    ReplyDelete
  3. ভাল লাগিল কবিতাতো । আগলৈ এনেকুৱা লেখনী আকৌ পাম বুলি আশা থাকিল।।

    ReplyDelete
  4. Nice to read! It would be a weapon against child marriage.

    ReplyDelete
  5. Really it's very good 👍, keep doing Badiur, hope shortly we will get one another written.

    ReplyDelete
  6. কবিতাটো পঢ়ি বৰ ভাল লাগিলে বদিউৰ। আগলৈকে কবিতাবোৰ এনেকৈয়ে পাই থাকিম বুলি আশা ৰাখিলো।

    ReplyDelete
  7. ভাল লাগিল পঢ়ি 👍

    ReplyDelete
  8. কবিতাটো পঢ়ি খুবেই ভাল লাগিল ।

    ReplyDelete
  9. পঢ়ি ভাল লাগিল কবিতাটো I

    ReplyDelete
  10. পঢ়ি বহুত ভাল লাগিল ।

    ReplyDelete
  11. ভাল লাগিল কবিতাটো পঢ়ি

    ReplyDelete
  12. খুবেই ভাল লাগিছে

    ReplyDelete
  13. ভাল লাগিছে কবিতাটো পঢ়ি, আগলৈকে আৰু নতুন কবিতা পঢ়িবলৈ পাম বুলি আশা ৰাখিলোঁ।

    ReplyDelete
  14. সকলোলৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছো ৷ আপোনালোকৰ মৰম আৰু মন্তব্যবোৰৰ পৰা মই বহুখিনি অনুপ্ৰাণিত হৈছোঁ ৷

    ReplyDelete
  15. ভা্ল লাগি্ল কবিতাটো পঢ়ি 👍

    ReplyDelete
  16. Kabita tu Pori bohud val lagise

    ReplyDelete
  17. Well written. Keep writing 👍

    ReplyDelete
  18. मोजां नांबाय खनथाइखौ फरायनानै...........

    ReplyDelete

Post a Comment

Popular posts from this blog

DEREK- a village full of greenery

মোৰ গাওঁ