মোৰ গাওঁ

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই গোৱালপাৰা জিলাৰ বালাচাৰী-আমগুৰি গাঁওৰ ৰাইজে স্বচ্ছতাৰ ক্ষেত্রত প্ৰধান গুৰুত্ব দিছে। স্বচ্ছতাৰ ক্ষেত্রত প্ৰধান মন্ত্ৰীৰ সপোন বাস্তবায়িত কৰি দেশৰ ভিতৰতে শ্ৰেষ্ঠ স্বচ্ছ গাঁৱৰ সন্মান কঢ়িয়াই আনিবলৈ গাঁওবাসীয়ে চেষ্টা চলাই আছে। অৱশ্যে জিলা প্ৰশাসনেও এই ক্ষেত্রত যথেষ্ট সহায় কৰি আছে। আলি-পদূলিত আৰি থোৱা আছে ডাষ্টবিন। গাঁওখনৰ পৰিষ্কাৰ- পৰিচ্ছন্নতা আৰু প্ৰাকৃতিক পৰিৱেশে সকলোকে মুগ্ধ কৰিছে। ১০৫ টা পৰিয়ালে বসবাস কৰা প্ৰতিটো ঘৰত আছে চৰকাৰে প্ৰদান কৰা পকী শৌচালয়। গাঁওৰ মহিলা সকলে সপ্তাহৰ প্ৰতিটো দেওবাৰে চলাই চাফাই অভিযান। একেদৰে পুৰুষ সকলে ও মাহত দুবাৰকৈ চাফাই অভিযান চলাই গাওঁখন পৰিষ্কাৰ- পৰিচ্ছন্ন কৰে। গাঁওখনৰ প্ৰৱেশ পথৰ দুয়ো কাষে শাৰী- শাৰীকৈ গছ ৰোপন কৰা হৈছে। প্লাষ্টিক মুক্ত কৰাৰ প্ৰয়াসেৰে গাঁওখনত আছে কঠোৰ নিয়ম। জুৱা , মদপান , লটাৰী আদি নিষিদ্ধ কৰি জৰিমনাৰ ব্যবস্থা কৰিছে গাঁওবাসীয়ে। ...