এই বিনন্দীয়া পৃথিৱীখনত চৰাইৰ ভূমিকা অতুলনীয়। চৰাই বিহীন অঞ্চল এটা আমি কল্পনা কৰিব নোৱাৰোঁ। যতে চৰাইৰ বিচিত্ৰতা আৰু প্ৰাচুৰ্যতা অধিক সেই এলেকাটাত জৈব-তন্ত্ৰ (Eco-System ) আৰু বাসপোযোগীৰ কাৰণে অধিক উপযোগী। এতিয়া চৰাই পৰ্যবেক্ষণ কৰা মৌলিক কথা বোৰোলৈ আহোঁ- চৰাই চোৱাৰ কাৰণে জংঘল বা হাবিলৈ যে যাব লাগিব তেনেকুৱা নহয়। প্ৰথমতে আমি নিজৰ ঘৰৰ চৌহদৰ পৰা আৰম্ভ কৰিব লাগে। আমি যদি মন কৰোঁ আমাৰ ঘৰৰ চৌহদতে বিভিন্ন প্ৰজাতিৰ চৰাই আহে। গাওঁ অঞ্চলত এই সংখ্যা সাধাৰণতে বেছি হয় কাউৰী, বুলবুলি, সখীয়তি, কপৌ, শালিকা, মৌ-পিয়া, হেটুলুকা, কুলি, ফেচুঁ, দহিকতৰা, ডাউক, কেতেকী, ভাটৌ, কোকলোঙা, চেকচেকী, কাকৈ-শিৰা, ঘনচিৰিকা আদি চৰাইবোৰ অতি সহজে আমি আমাৰ ঘৰৰ চৌহদ বা আমি থকা ঠাইৰ ওচৰে-পাজঁৰে প্ৰত্য়ক্ষ কৰি থাকোঁ দৈনন্দিন। প্ৰতিটো চৰাইৰ দৈহিক গঠন, গাৰ ৰং, মাত, উৰণ-কৌশল বেলেগ-বেলেগ। প্ৰতিটো চৰাই আহাৰ গ্ৰহণ কৰা পদ্ধতি, বাসস্থা...